গোলাঘাট, 24 অক্টোবৰঃ বৃহস্পতিবাৰে ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক পূৰ্বৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই আহ্বান জনায় । লোকসভা নিৰ্বাচনৰ পিছতেই খালী হৈ পৰা চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে বিজেপিয়ে দখল কৰিলে ৰাজনীতি জীৱন ত্যাগ কৰিব বুলি মন্তব্য কৰিছিল ৷ তাৰ পিছতেই খুমটাইৰ বিধায়ক মৃণাল শইকীয়াও কংগ্ৰেছ নেতাগৰাকীক প্ৰত্যাহ্বান জনাই কৈছিল যদিহে চাৰিটা সমষ্টিতে কংগ্ৰেছে দখল কৰে তেন্তে বিধায়ক মৃণাল শইকীয়াই বিধায়ক পদৰ পৰা অব্যাহতি লৈ ৰূপজ্যোতি কৰ্মীৰ ঘৰত বন খাটিব । বৰ্তমান ৰূপজ্যোতি কৰ্মীৰ প্ৰতিশ্ৰুতি নফলিয়ালে, কংগ্ৰেছে লাভ নকৰিলে এখনো আসন । গতিকে বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৰাজনীতি জীৱন ত্যাগ কৰিবলৈ আহ্বান জনাইছে বিধায়ক মৃনাল শইকীয়াই । বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিলেহে আনৰ বাবে আদৰ্শ হৈ পৰিব বুলি মন্তব্য কৰে বিধায়ক মৃণাল শইকীয়াই ।
আৰু পঢ়ক