ETV Bharat / state

BJP Leader Gundagiri: বিজেপিৰ পালিনেতাই চৰ সোধাই চশমা ভাঙিলে মহিলাৰ

author img

By

Published : Apr 30, 2023, 9:21 PM IST

ৰাজহুৱা সভা চলি থকা অৱস্থাত অনধিকাৰ প্ৰৱেশ কৰি অন কেমেৰা মহিলাক প্ৰহাৰ কৰিলে বিজেপিৰ পালিনেতাই (BJP leader slaps women in a meeting)।

BJP leader slaps women in a meeting
বিজেপিৰ পালিনেতাই চৰ সোধাই চশমা ভাঙিলে মহিলাৰ

দেৰগাঁও, 30 এপ্ৰিল : দেৰগাঁৱত বিজেপি পালিনেতাৰ গুণ্ডাগিৰি । জনপূৰ্ণ সভাত শাৰীৰিকভাৱে অপদস্ত কৰিলে মহিলাক (BJP Leader Gundagiri) ৷ ৰাজহুৱা সভা চলি থকা অৱস্থাত অনধিকাৰ প্ৰৱেশ কৰি অন কেমেৰা মহিলাক প্ৰহাৰ কৰিলে বিজেপিৰ পালিনেতাই (BJP leader slaps women in a meeting)।

ঘটনাৰ বিৱৰণী অনুসৰি গোলাঘাট জিলাৰ খুমটাইৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং খকন্দগুৰি গাঁৱৰ নাট্য মন্দিৰত অনুষ্ঠিত হৈ আছিল এখন ৰাজহুৱা সভা । সভাত উপস্থিত আছিল প্ৰায় ডেৰ শতাধিক লোক (Allegation against BJP leader)। গাঁওখনত অৰুণোদয় আঁচনিৰ নামত বিজেপিৰ নেতা পালিনেতাই ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷

এই বিষয়ে সভাখন অনুষ্ঠিত হৈ থকাৰ সময়তে সভাৰ মাজতে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱা পুলক ভড়ালী নামৰ বিজেপিৰ পালিনেতাজনে হঠাৎ দলে-বলে উপস্থিত হয় সভাত (BJP leader slaps women at Dergaon)।

সভাপতিৰ টেবুলত ধকিয়াই সভা অনুষ্ঠিত কৰাত ক্ষোভ ব্যক্ত কৰে পুলক ভড়ালীয়ে । সভাত গুণ্ডাগিৰি কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ কৰাত এগৰাকী মহিলাই প্ৰতিবাদ কৰিবলৈ ওলাই আহে ৷ মহিলাগৰাকীয়ে বিজেপিৰ পালিনেতাজনক ওলোটাই প্ৰশ্ন কৰাত পুলকে মহিলাগৰাকীক পূৰ্ণহতীয়া চৰ সোধাই ৷ এই ঘটনাত মহিলাগৰাকীৰ চশমাজোৰ ভাঙি যায় ৷

ইয়াৰ পিচতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। অৱশেষত ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলাই বিজেপিৰ পালিনেতাজন । খোদ বিজেপি ৱাৰ্ড সদস্যকে ধৰি বিজেপি কৰ্মীসকলে ধিক্কাৰ দিছে সমগ্ৰ ঘটনাক । ইতিমধ্যে পুলক ভড়ালীক সামাজিকভাৱে বৰ্জনৰ সিদ্ধান্ত লৈছে ৰাইজে । তাৰোপৰি স্থানীয় ৰাইজে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু জিলা উপায়ুক্তক বিষয়টো অৱগত কৰাৰ লগতে আৰক্ষীৰ কাষ চাপিছে ।

চৰকাৰী আঁচনিৰ বিসংগতিৰ সন্দৰ্ভত মাত মতাৰ বাবেই বিজেপি পালিনেতাই অন কেমেৰা কৰা গুণ্ডাগিৰিৰ ঘটনাক তীব্ৰ গৰিহনা দিছে সকলোৱে (Orunaday Scheme scam)। সততেই নীতি-আদৰ্শৰ কথা কোৱা খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু বিজেপি দলে এই গুণ্ডা পালিনেতাৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেয়াহে হ'ব লক্ষ্যণীয় ।

লগতে পঢ়ক: Formalin in Fish: চালানী ৰৌ বজাৰত নাই; পুঠি খলিহনাৰ দামেও চুইছে আকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.