ETV Bharat / state

বৰপথাৰৰ দৈয়াং নৈৰ ওপৰেৰে ৰাইজৰ বিপদসংকুল যাত্ৰা

author img

By

Published : Jun 5, 2021, 11:35 AM IST

দৈয়াং নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে জিলা প্ৰশাসন তথা স্থানীয় বিধায়কক দাবী জনাই আহিছে । কিন্তু আজিলৈকে কোনো এজন বিধায়কে অঞ্চলটোৰ জনতাৰ দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধানৰ বাবে গুৰুত্ব প্ৰদান নকৰিলে ৷

Barpathar Bamboo Damage Bridge
দৈয়াং নৈৰ ওপৰেদি ৯ খন গাঁৱৰ ৰাইজৰ বিপদসংকুল যাত্ৰা

সৰুপথাৰ,5 জুন: গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ মুছলভঙা পাৰঘাটৰ দৈয়াং নৈৰ ওপৰত নিৰ্মিত এখন বাঁহৰ দলঙেদি (Bamboo Bridge Barpathar) মৰণত শৰণ দি প্ৰায় ৯ খন গাঁৱৰ ৰাইজে বিপদসংকুলভাৱে যাতায়ত কৰি আছে । দৈনিক প্ৰায় সহস্ৰাধিক লোকে অব্যাহত ৰাখিছে এই যাতায়াত । দীৰ্ঘদিন ধৰি অঞ্চলটোৰ ৰাইজে দৈয়াং নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে জিলা প্ৰশাসন তথা স্থানীয় বিধায়কক দাবী জনাই আহিছে । কিন্তু আজিলৈকে কোনো এজন বিধায়কে অঞ্চলটোৰ জনতাৰ দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধানৰ বাবে গুৰুত্ব প্ৰদান নকৰিলে ৷

বৰপথাৰৰ দৈয়াং নৈৰ ওপৰেৰে ৰাইজৰ বিপদসংকুল যাত্ৰা

এখন পকী দলঙৰ অভাৱত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৯ খন গাঁৱৰ ৰাইজে যমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে । দলঙৰ অভাৱত অঞ্চলটোলৈ নাহে ১০৮ সেৱা । বাৰিষা বানে দলংখন উটুৱাই নিয়াত এখন টুলুঙা নাৱেৰে বিপদ সংকুলভাৱে যাত্ৰা কৰে গাঁৱকেইখনৰ লোকে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে অভিভাৱক মন্ত্ৰী অতুল বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.