গোলাঘাট,৩১ অক্টোবৰ : 'পথাৰ আমাৰ, বজাৰ আমাৰ' কেৱল শ্ল'গানতে সীমাবদ্ধ নাৰাখি হাতে কামে লাগিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি । তাৰ অংশ হিচাপে মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ কাৰ্যালয়ত গ্ৰামাঞ্চলৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে গোলাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ জিলা সমিতিৰ উদ্যোগত নুমলীগড় তেল শোধনাগাৰৰ পৃষ্ঠপোষকতাত গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত সজাগতা সভা অনুস্থিত কৰা হয় ।
জিলা সমিতিৰ সভাপতি নিকুঞ্জ মেধিয়ে সভাপতিত্ব কৰা সজাগতা সভাখন উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি জিতুল ৰাজখোৱাই । উক্ত সজাগতা সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগৰ মহাপ্ৰবন্ধক মিণ্টু সন্দিকৈ, উপ-মহাপ্ৰবন্ধক বিশ্বজিৎ বৰা । সভাখনিত উপস্থিত থাকি মহিলাসকলক স্বাৱলম্বী হোৱাৰ পথবোৰ দেখুৱাই দিয়ে মুখ্য বক্তা দুগৰাকীয়ে। গ্ৰামাঞ্চলৰ মহিলাসকল পশুপালন, কাটিং টেইলৰিং, তাঁতশালৰ জৰিয়তে কেনেকৈ স্বাৱলম্বী হব পাৰি তাৰ বিতং ব্যাখ্যা আগবঢ়াই মিণ্টু সন্দিকৈ আৰু বিশ্বজিৎ বৰা ।
এই সজাগতা সভাৰ জৰিয়তে গ্ৰামাঞ্চলৰ মহিলাসকলক কৰ্ম দক্ষতাৰ ওপৰত ভিত্তি কৰি স্বাৱলম্বিতাৰ দিশত আগুৱাই যাবলৈ নুমলীগড় তেল শোধনাগাৰে সহায় সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে । সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়া আব্দুল হাচিম জিলা সমিতিৰ উপ সভাপতি মনোজ বৰা শোধনাগাৰৰ জনসম্পৰ্কৰক্ষী বিষয়া প্ৰদীপ শালৈ আদি কৰি জাতীয় মহিলা পৰিষদৰ বিষয়ববীয়াসকলে উপস্থিত থাকে ।
লগতে পঢ়ক : Tai Ahom Yuva Parishad : ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি নিদিলে জন্ম হ’ব নতুন ৰাজনৈতিক দলৰ: টাইপা