ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তত আটছাৰ সাংস্কৃতিক প্ৰতিবাদ - আটছা

মঙলবাৰে ৰাজ্যজুৰি চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘কৰম পৰৱ’ত চৰকাৰী বন্ধ ঘোষণাৰ দাবীত খুমটাই, টীয়ক, গোলাঘাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৰ সদস্যসকলে ৷

ATSA cultural protest
ৰাজ্যৰ ভিন্ন প্ৰান্তত আটছাৰ সাংস্কৃতিক প্ৰতিবাদ
author img

By

Published : Aug 25, 2020, 6:18 PM IST

খুমটাই, 25 আগষ্টঃ মঙলবাৰে ৰাজ্যজুৰি চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ চৰকাৰৰ ওচৰত কেইবাটাও অভিযোগ উত্থাপন কৰি সংগঠনটোৰ সদস্যসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ সমান্তৰালকৈ চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘কৰম পৰৱ’ত চৰকাৰী বন্ধ ঘোষণা নকৰাৰ দাবীত সংগঠনটোৰ দেৰগাঁও শাখাৰ উদ্যোগত আৰু বাদুলিপাৰ উপ-শাখাৰ সহযোগত প্ৰায় শতাধিক সদস্যই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

খুমটাইত আটছাৰ প্ৰতিবাদ

টীয়কঃ টীয়কটো আটছাই ‘কৰম পৰৱ’ত চৰকাৰী বন্ধ ঘোষণাৰ বাবে দাবী জনাই প্ৰতিবাদ কৰে ৷ আটছাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু যোৰহাট শাখা সমিতিৰ সহযোগত সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ৰাজ্য চৰকাৰক পৱিত্ৰ কৰম পৰৱত চৰকাৰী বন্ধ ঘোষণাৰ বাবে বহুবাৰ আবেদন কৰাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাৰ বাবেই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হোৱা বুলি মন্তব্য কৰে সংগঠনটোৰ সদস্যসকলে ৷

টীয়কত আটছাৰ প্ৰতিবাদ

গোলাঘাটঃ খুমটাই আৰু টীয়কৰ সমান্তৰালকৈ গোলাঘাটতো সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীসমূহ চৰকাৰী পক্ষই আওকান কৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ ৷ কৰম পূজা উদযাপনৰ নামত চৰকাৰী পক্ষই কেৱল গামোচাহে পিন্ধে । চাহ জনগোষ্ঠী লোক সকলৰ প্ৰতি কোনো আন্তৰিকতা নাই চৰকাৰৰ । চৰকাৰৰ এই গুৰুত্বহীনতাৰ ফল আগন্তুক নিৰ্বাচনত দিব বুলি সকীয়াই দিয়ে আটছাই ৷

গোলাঘাটত আটছাৰ প্ৰতিবাদ

শিৱসাগৰঃ শিৱসাগৰৰ হালোৱাটিঙত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ আখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

শিৱসাগৰত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

লগতে পঢ়ক-অৰ্ধনিৰ্মিত কালভাৰ্টৰ পৰা পৰি কিশোৰীৰ মৃত্য়ু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.