৮ মাৰ্চ, ফেব্ৰুৱাৰীঃ গোলাঘাটত নাৰী দিৱসৰ লগত সংগতি ৰাখি একাংশ মহিলাই এক ব্যতিক্ৰমী কাৰ্যসূচী হাতত লয় । বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু হোৱা লোকৰ পৰিয়াললৈ সাহায্য প্ৰদান কৰাৰ লগতে মদ বিৰোধী সজাগতা সভাৰ আয়োজন কৰে গোলাঘাটৰ মহিলা সকলে । উক্ত অনুষ্ঠানত স্বামীহাৰা হোৱা একাংশ মহিলা আৰু বহু ঘাটমাউৰা সন্তান সভা খনত উপস্থিত থাকে । গোলাঘাট ৰাজ্যিক পৰিবহণ নিগমৰ কলনীত গোলাঘাট পৌৰ এলেকাৰ সমূহ আঞ্চলিক পৰ্যায়ৰ সংগঠন সমবায় সমিতিৰ সৌজন্যত শুকুৰবাৰৰ এই আন্তৰ্জাতিক নাৰী দিৱসৰ সজাগতা সভাৰ আয়োজন কৰা হয়।
গোলাঘাটত মদ বিৰোধী সজাগতা সভা - গোলাঘাট
নাৰী দিৱস উপলক্ষে এই সভা আয়োজন