ETV Bharat / state

গোলাঘাটত মণিমাধৱ মহন্তৰ হৈ বিজেপিৰ বিজয় সংকল্প সমাৰোহ

11 নং কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপি, অগপ, সন্মিলিত গণ শক্তি অসম, বিপিএফ, তিৱা জাতীয় ঐক্য মঞ্চই সোমবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সভাত অংশগ্ৰহণ কৰি অসমত ভৱিষ্যত সময়ত নৱ প্ৰজন্মৰ বাবে এখন ভাল চৰকাৰৰ আহ্বান জনায় ৷

গোলাঘাটত মণিমাধৱ মহন্তৰ হৈ বিজেপিৰ বিজয় সংকল্প সমাৰোহ
author img

By

Published : Apr 9, 2019, 12:35 AM IST

গোলাঘাট, 8 এপ্ৰিলঃ "11 এপ্ৰিলৰ আগতে যদি কোনোবাই বিজেপি দলত যোগদান কৰিম বুলি ভাবিছে তেন্তে সোনকালেই যোগদান কৰক, অন্যথা কুম্ভকৰ্ণৰ দৰে শুই থাকক। কংগ্ৰেছে লুঙী, ধূতীৰ ৰাজনীতি কৰিছিল, বিজেপিয়ে সোণৰ ৰাজনীতি কৰিছে"- এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷ 11 নং কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপি, অগপ, সন্মিলিত গণ শক্তি অসম, বিপিএফ, তিৱা জাতীয় ঐক্য মঞ্চই সোমবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সভাত অংশগ্ৰহণ কৰি অসমত ভৱিষ্যত সময়ত নৱ প্ৰজন্মৰ বাবে এখন ভাল চৰকাৰৰ আহ্বান জনায় ৷

গোলাঘাটত মণিমাধৱ মহন্তৰ হৈ বিজেপিৰ বিজয় সংকল্প সমাৰোহ

1952 চনৰ পৰায়ে কংগ্ৰেছক ৰাইজে শাসন ভাৰ দি আহিছে। কিন্তু অসম, ভাৰতবৰ্ষৰ উন্নয়নৰ ক্ষেত্ৰত কোনো দৃষ্টান্ত মূলক কাম নকৰিলে কংগ্ৰেছে । যাৰবাবে 2014 চনত ভাৰতৰ জনতায়ে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে নৰেন্দ্ৰ মোদীক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰ পিচতেই প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰীক পোন্ধৰ দিনৰ মূৰে মূৰে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব দিছিল । নিজ নিজ বিভাগৰ দায়িত্ব লৈ পাঁচ বছৰতে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ এক ধাৰালৈ আনিলে বিজেপিয়ে ৷ সভাত এই কথা উনুকিয়াই প্ৰাৰ্থী গৰাকীৰ বাবে ভোট আহ্বান কৰে ৷

উক্ত সভাত মুখ্যমন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব আৰু মন্ত্ৰী অতুল বৰাৰ লগতে বহু নেতা উপস্থিত থাকে ৷

Golaghat 08.04.2019
SLUG : GOLAGHAT CM HIMANTA ELECTION CAMPAIGN
A_GLT_805_8APRIL_GOLAGHAT_C_M_HIMANTA_ELECTION_CAMPAIGN_VISUAL_DIGANTA_SAHU
A_GLT_806_8APRIL_GOLAGHAT_C_M_HIMANTA_ELECTION_CAMPAIGN_SPEECH_DIGANTA_SAHU
A_GLT_807_8APRIL_GOLAGHAT_C_M_HIMANTA_ELECTION_CAMPAIGN_BYTE_DIGANTA_SAHU
O.C. : ১১ এপ্ৰিলৰ আগতে যদি কোনোবাই বিজেপি দলত যোগদান কৰিম বুলি ভাবিছে তেন্তে সোনকালেই যোগদান কৰক, অন্যথা কুম্ভকৰ্ণৰ দৰে শুই থাকক। কংগ্ৰেছে লুঙী, ধূতীৰ ৰাজনীতি কৰিছিল, বিজেপিয়ে সোণৰ ৰাজনীতি কৰিছে। ১২খন জিলা খীলঞ্জিয়া অসমীয়া সংখ্যালঘূ হ'ল। বৰ্তমান পৰিস্থিতি আৰু ভয়াবহ, তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক জিকাবলৈ আজমল বাহিনীৰ ভোট লাগে। তৰুণ গগৈয়ে এতিয়া নকয় হু ইজ আজমল। এইদৰে হিমন্তয়ে নিৰ্বাচনী প্ৰচাৰ চলাই গোলাঘাটত। শীঘ্ৰে খুমটাইত প্ৰতিষ্ঠা হ'ব অসমৰ দ্বিতীয় খন সৈনিক স্কুল।
V.O. : গোলাঘাটত মণিমাধৱ মহন্তৰ হৈ বিজয় সংকল্প সমাৰোহ। ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপি, অগপ, সন্মিলিত গণ শক্তি অসম, বিপিএফ, তিৱা জাতীয় ঐক্য মঞ্চ, ৰাভা হাচং যৌথ পৰিষদ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ। বিজয় সংকল্প সমাৰোহত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, মৃনাল শইকীয়া অতুল বৰা, মমিনুল আৱাল, ৰেণুপমা ৰাজখোৱা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ চলাই ভাষণত কয় অসমত ভৱিষ্যত সময়ত নৱ প্ৰজন্মৰ বাবে এখন ভাল চৰকাৰৰ আহ্বান কৰে। ১৯৫২ চনৰ পৰায়ে কংগ্ৰেছক ৰাইজে শাসন ভাৰ দি আহিছে। কিন্তু অসম, ভাৰতবৰ্ষৰ উন্নয়নৰ ক্ষেত্ৰত কোনো দৃষ্টান্ত মূলক কাম নকৰিলে কংগ্ৰেছে। যাৰবাবে ২০১৪ চনত ভাৰতৰ জনতায়ে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে নৰেন্দ্ৰ মোদীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰ পিছতেই প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰীক পোন্ধৰ দিনৰ মূৰে মূৰে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব দিছিল। নিজ নিজ বিভাগৰ দায়িত্ব লৈ পাঁচ বছৰতে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ এক ধাৰালৈ আনিলে বিজেপিয়ে। যিটো কাম কংগ্ৰেছৰ দীঘলীয়া কাৰ্যকালত নহ'ল। গোলাঘাটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ব্যৱস্থা গ্ৰহণ কৰি অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা নুমলীগড় তেল শোধনাগাৰ তিনি হাজাৰ পাঁচ শ কোটি টকা পাইপ লাইনৰ বাবে ব্যৱস্থা কৰিলে। শোধানাগাৰ ৯ মিলিয়ন উৎপাদন বৃদ্ধিৰ বাবে ২৩ হাজাৰ কোটি টকা দিলে। অসমৰ চাংচাৰীত এইমচৰ দৰে এখন চিকিৎসালয় দিলে। ২৭ লাখ কৃষকৰ সুবিধাৰ বাবে ধেমাজিত অখিল ভাৰতীয় কৃষি অনুসন্ধান কেন্দ্ৰ স্থাপন কৰিলে। বৰ্তমান ব্ৰহ্মপুত্ৰৰ ওপৰত তিনিখনকৈ দলঙৰ কাম কৰিলে বিজেপিয়ে। কংগ্ৰেছে নিৰ্মাণৰ কাম পেলাই ৰাখিছিল, নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে তিনিখনকৈ দলং। কংগ্ৰেছৰ ৫৫ বছৰ কাৰ্যকালত ৩ খিনি দলং আৰু বিজেপিৰ পাঁচ বছৰ সময়ত তিনিখন দলংৰ কাম সম্পূৰ্ণ কৰিলে। বিজেপিয়ে এতিয়াও ব্ৰহ্মপুত্ৰৰ ওপৰত পাঁচ খন দলংৰ কামৰ পৰিকল্পনা কৰিছে। পুনৰ মোদী চৰকাৰ হোৱাতো নিশ্চিত বুলি কৈ কয় কংগ্ৰেছক ভোট দি অবাবতে ক্ষতি নকৰিব। ভাৰতৰ মান সন্মান ৰক্ষা কৰিব পৰা নেতা হল নৰেন্দ্ৰ মোদী। ভাৰতক চিনে যেতিয়াই যুদ্ধত পৰাস্ত কৰি অসমক নিজৰ অধীনলৈ আনিছিল তেতিয়া নেহেৰুয়ে বিদায় ভাষণ দিছিল। অসম শত্ৰু হাতত যেতিয়া বন্দী হৈছিল তেতিয়া কংগ্ৰেছৰ সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে শত্ৰুৰ হাতত অসমক এৰি দিছিল। পাকিস্তানকো প্ৰতি উত্তৰ দিছিল নৰেন্দ্ৰ মোদীয়ে,  ভাৰতবৰ্ষ সুৰক্ষিত নৰেন্দ্ৰ মোদীৰ হাতত। তিনি লাখ দুখীয়া মানুহৰ পৰা চৰকাৰী ঘৰৰ নামত টকা খালে, বিভিন্ন আঁচনিৰ নামত  দুৰ্নীতিত লিপ্ত হ'ল কংগ্ৰেছ চৰকাৰ। খুমটাইত এখন সৈনিক স্কুল প্ৰতিষ্ঠা কৰাৰ কাম চলি থকা বুলি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে হিমন্ত বিশ্ব শৰ্মায়ে ভাষণত কয় কংগ্ৰেছ আৰু তৰুণ গগৈয়ে পূৰ্বতে কৈছিল who is ajmol কিন্তু আজিৰ সময়ত তৰুণ গগৈয়ে who is ajmol বুলি নকয়। তৰুণ গগৈক সাংবাদিকে কৈছিল এতিয়া আপুনি হু ইজ আজমল কব নেকি, কিন্তু তৰুণ গগৈয়ে হু ইজ আজমল নকয় কাৰণ এতিয়া পুত্ৰ গৌৰৱ গগৈৰ বাবে আজমল বাহিনীৰ ভোট লাগিব। কংগ্ৰেছৰ শাসন কালত মুম্বাইত আজমল কাছাব আৰু পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভয়ঙ্কৰ আক্ৰমণ কৰিছিল। তেতিয়া কংগ্ৰেছে একো নকৰিলে। পুলবামত ভাৰতীয় সৈনিকৰ ওপৰত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাওতে নৰেন্দ্ৰ মোদীয়ে ভাল প্ৰতি উত্তৰ দিলে। অসমৰ সত্ৰৰ মাটি  অবৈধ বাংলাদেশীৰ হাতত। কেইবাখনো সত্ৰত বন্তি জ্বলাবলৈ সত্ৰৰ পৰা ৪৫ কিলোমিটাৰ দূৰত্ব লৈকে নাই কোনো সনাতনী লোক। অসমীয়া ছোৱালীৰ সতীত্ব হৰণ কৰা হয়। হোজাইত শিক্ষয়িত্ৰীক ধৰ্ষণ কৰা হয়। আৰু এবাৰ যদি অসমত কংগ্ৰেছ চৰকাৰ গঠন হ'ল হেতেন তেন্তে সচিবালয় আজমল বাহিনীয়ে দখলত কৰি ললে হেতেন। বহু আঁচনিৰ ভিতৰত দুটা আঁচনি হল বিধৱা হ'লে ২৫ হাজাৰ টকা পাব বিধবা মহিলায়ে, বিবাহ হ'লে প্ৰত্যেক জনী ছোৱালীয়ে লাভ কৰিব এটুলা কৈ সোন। চাউল আদিৰ দাম কম কৰা হ'ল। কংগ্ৰেছে বিতৰণ কৰিব ধূতি, লুঙী আৰু মণিমাধৱ মহন্তয়ে বিতৰণ কৰিব সোন। কংগ্ৰেছে আমাক বান্ধি থৈছিল ধূতি আৰু লুঙীত। এইদৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মায়ে।
Byte 1: মণি মাধৱ মহন্ত।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Visual byte speech send by mojo
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.