ETV Bharat / state

গোলাঘাটত অনাময় শৌচালয় নিৰ্মাণত ব্যাপক দুৰ্নীতি - নিৰ্মাণ

গোলাঘাট ১০ নং ৱাৰ্ডত অনাময় শৌচালয় নিৰ্মাণত ব্যাপক দুৰ্নীতি । আঠ মাহৰ আগতেই ঊনপঞ্চাশটা (৪৯) শৌচালয় নিৰ্মাণৰ ঠিকা লাভ কৰিছিল চম্পক শইকীয়াই । কিন্তু ইয়াৰে মাত্ৰ বাৰটা (১২) শৌচালয়হে ঠিকাদাৰে নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

গোলাঘাটত অনাময় শৌচালয় নিৰ্মাণত ব্যাপক দুৰ্নীতি
author img

By

Published : Jul 30, 2019, 11:24 AM IST

  • গোলাঘাট ১০ নং ৱাৰ্ডত অনাময় শৌচালয় নিৰ্মাণত ব্যাপক দুৰ্নীতি
  • চম্পক শইকীয়া নামৰ ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ হিতাধিকাৰীৰ
  • হিতাধিকাৰী সকলক শৌচালয়ৰ গাঁত খান্দিবলৈ আদেশ দিছিল ঠিকাদাৰে
  • আঠ মাহৰ আগতেই ঊনপঞ্চাশটা (৪৯) শৌচালয় নিৰ্মাণৰ ঠিকা লাভ কৰিছিল চম্পক শইকীয়াই
  • ইয়াৰে মাত্ৰ বাৰটা (১২) শৌচালয়হে নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ
  • এই অভিযোগ হিতাধিকাৰী সকলে পৌৰসভাকো জনায় যদিও ঠিকাদাৰজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ

Intro:দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দায়িত্ব ভাৰ লোৱাৰ পিছতেই চাফ চিকুণৰ প্ৰতি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি স্বচ্ছ ভাৰত কাৰ্য্যসূচীৰ অন্তৰ্গত সকলোৰে ঘৰে ঘৰে শৌচালয় নিৰ্মাণত গুৰুত্ব আৰোপ কৰে ৷ মোডিৰ এই জন কল্যাণমুখী কাৰ্য্যক সকলোৱে সহাৰি জনোৱাৰ বিপৰীতে গোলাঘাটত এক বিপৰীত মুখী ছবি হে পৰিস্ফুত হৈছে ৷ গোলাঘাট পৌৰসভাৰ ১০ নং ৱাৰ্ডত শৌচালয় নিৰ্মাণত ব্যাপক অনিয়ম । ১০ নং ৱাৰ্ডৰ শৌচালয় নিৰ্মাণৰ বাবে চম্পক শইকীয়া নামৰ ঠিকাদাৰ জনক আঠ মাহৰ আগতেই উনাপঞ্চাশটা (৪৯) শৌচালয় নিৰ্মাণৰ ঠিকা দিয়া হয় ৷ আৰু সেইমতে ঠিকাদাজনে প্ৰতি ঘৰকে নিজা খৰছত শৌচালয়ৰ গাতঁ খান্দিবলৈ কোৱাত হিতাধিকাৰী সকলে একে দিনাই গাঁত খান্দি শেষ কৰিলে ৷ ইয়াৰে মাত্ৰ বাৰটা (১২) শৌচালয় নিৰ্মাণ কৰে ঠিকাদাৰে । অন্য হিতাধিকাৰী সকলে নিজা খৰছত গাঁত খন্দাৰ পিছৰে পৰা নিৰ্মাণৰ কাম কৰিবলৈ হিতাধিকৰী সকলে ঠিকাদাৰ জনক বিছাৰি হায়ৰান হয় ৷ ঠিকাদাৰ কাম সম্পূৰ্ণ নকৰাৰ বিষয়টো ৱাৰ্ড সদস্যাৰ লগতে পৌৰসভাকো জনোৱা হয় যদিও ঠিকাদাৰ জনৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱাৰ পৰিলক্ষিত ন'হল বুলি অভিযোগ কৰে হিতাধিকাৰীয়ে ৷Body:Byte 1 : হিতাধিকাৰী
Byte 2 : স্থানীয় বাসিন্দাConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.