দেৰগাঁও,15 মেঃ বুধবাৰে সন্ধিয়া দেৰগাঁৱত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা ৷ দেৰগাঁৱৰ লাহতী চাৰিআলি সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত যোৰহাট অভিমুখে আহি থকা AS-03M-9240 নম্বৰৰ এখন টাটা ইণ্ডিগ'' বাহন এখনে এফালৰ পৰা মহতিয়াই যায় কেবাখনো বাইকসহ এখন ট্ৰাকক ৷
প্ৰাপ্ত তথ্য অনুসৰি ইণ্ডিগ' বাহনখনে মহতিওৱা পালচাৰ বাইকখনৰ এজন আৰোহী আৰু গ্লেমাৰ বাইকখনৰ দুজন আৰোহীৰ অৱস্থা সংকটজনক। আনফালে ইণ্ডিগ'খনত থকা কেইবাগৰাকী মহিলাও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দেৰগাঁও আৰক্ষীৰ সহায়ত আটাইকেইগৰাকীক ততাতৈয়াকৈ দেৰগাঁৱৰ ৩০খন বিচনাযুক্ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আহতসকলক বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই ৷ যদিও ইণ্ডিগ' গাড়ীখন দেৰগাঁৱৰ জিতেন দাস নামৰ ব্যক্তিজনৰ বুলি জানিব পৰা গৈছে।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে অতিমাত্ৰা সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় ৷