ETV Bharat / state

অসমীয়া উদ্যোগীৰ জয়যাত্ৰাঃ 2000 টকাৰ ব্যৱসায় হ'লগৈ 50 লাখৰ

author img

By

Published : May 14, 2019, 2:01 PM IST

2012 বৰ্ষত পানীটেঙাৰে আৰম্ভ কিৰিছিল ব্যৱসায় ৷ মূলধন আছিল মাত্ৰ 2000 টকা ৷ আমি ক'ব খুজিছো সফল অসমীয়া উদ্যোগী প্ৰণয় পূজাৰীৰ কথা ৷

অসমীয়া উদ্যোগীৰ জয়যাত্ৰাঃ 2000 টকাৰ ব্যৱসায় হ'লগৈ 50 লাখৰ

14 মে' গোলাঘাটঃ নৱপ্ৰজন্মৰ চাকৰিমুখি মানসিকতাৰ বিপৰীতে অসমীয়া থলুৱা খাদ্যসম্ভাৰেৰে উদ্যোগ স্থাপন কৰি লাখপতি হোৱা এখন সাধাৰণ ব্যক্তিৰ অসাধাৰণ কাহিনী ৷ বহুজন শিক্ষিত নিৱনুৱাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ'ব পাৰে এইজন অসমীয়া উদ্যোগী ৷ আজি আমি আপোনালোকক অৱগত কৰিম ৰুচি ফুড প্ৰডাক্টৰ জন্মৰ আঁৰৰ কাহিনী..

Intro:গোলাঘাটৰ এজন ব্যক্তিয়ে নিজকে সংস্থাপিত কৰিলে অসমীয়া খাদ্য প্ৰস্তুত কৰি। যিটো সময়ত এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাব লগীয়া হৈছে অসমীয়া যুৱক যুৱতীয়ে, সেই সময়তেই এজন ব্যক্তিৰ আত্মনিৰ্ভৰশীল পদক্ষেপ। ২০০০ টকাৰে ব্যৱসায় আৰম্ভ কৰা ব্যক্তি জনৰ আজিৰ ব্যৱসায় ৫০ লাখ টকাৰ। ব্যক্তি জনৰ নাম প্ৰণয় পুজাৰী, ঘৰ গোলাঘাট জিলাৰ দেৰগাঁৱত। ৰুচী ফুড প্ৰডাক্ট নামৰ প্ৰতিষ্ঠানটোত তৈয়াৰ কৰা হয় অসমীয়া পৰম্পৰাগত খাদ্য। উজনি অসমৰ এক চিনাকি নাম ৰুচী ফুড প্ৰডাক্ট। কিদৰে নিজকে প্ৰণয় পুজাৰীয়ে ৰুচী ফুড প্ৰডাক্টৰ জৰিয়তে সংস্থাপিত কৰিলে ছাওক আমাৰ এই প্ৰতিবেদনত।

Body:২০১২ চনত বাদুলিপাৰৰ ৰঙামাটি চেউনী গাঁৱৰ পৰা সংস্থাপনৰ সন্ধানত দেৰগাঁও নগৰলৈ উলাই অহা এইজন প্ৰণয় পূজাৰী আজি ৫০ লাখ টকাৰ সম্পত্তিৰ অধিকাৰী। ঘৰৰ পৰা মাত্ৰ ২০০০ টকা হাতত লৈ জীৱিকাৰ সন্ধানত উলাই অহা প্ৰণয় পূজাৰীয়ে অসমীয়া খাদ্য পানী টেঙাৰে আৰম্ভ কৰে নিজৰ ব্যৱসায়। ইয়াৰ পিছতেই এটাৰ পিছত এটা অসমীয়া পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি নিজৰ ব্যৱসায় বিস্তাৰ কৰি গ'ল প্ৰণয় পূজাৰীয়ে। শদিয়াৰ পৰা নগাঁও আৰু তেজপুৰৰ পৰা জোনাইলৈকে ৰুচী ফুড প্ৰডাক্ট এটা চিনাকি নাম। ৰুচী ফুড প্ৰডাক্ট কাৰখানাত তৈয়াৰ কৰা হয় বিভিন্ন ধৰণৰ আঁচাৰ, পানী টেঙা, খৰিচা, চিৰা আৰু পিঠা পনা আদি। এইয়াই নহয় ৰুচী ফুড প্ৰডাক্টত কাম কৰে মহিলাই। পেকেটিঙৰ পৰা অসমীয়া পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা আৰু গাড়ীত মাল লোড কৰা লৈকে কাম কৰে মহিলায়ে। চৰকাৰী বে-চৰকাৰী এটা চাকৰি বিচাৰি হাবাথুৰি খাই থকা সকলে শিকিবৰ হ'ল প্ৰণয় পূজাৰীৰ পৰা। ইয়াৰ উপৰিও অসমীয়া পৰম্পৰাগত খাদ্যৰ দ্বাৰা যে নিজকে সংস্থাপিত কৰিব পাৰি তাৰো এক নিদৰ্শন দাঙি ধৰিলে প্ৰণয় পূজাৰীয়ে।

Conclusion:Byte 1: প্ৰণয় পূজা।
Byte 2: শ্ৰমিক মহিলা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.