ETV Bharat / state

অসমত সক্ৰিয় লালিগুৰৰ এক বৃহৎ ছিণ্ডিকেট : আৰক্ষীৰ মিথ্যাচাৰ

আকৌ হ'ব পাৰে সুৰা ট্ৰেজেদী । অবৈধ লালি গুৰৰ অবাধ বেহা প্ৰতিৰোধত ব্যৰ্থ অসম আৰক্ষী । ছিণ্ডিকেটক ৰক্ষণাবেক্ষণ দিবলৈকে সুৰা ট্ৰেজেদি ঘটনাত মিঠানেল ব্যৱহাৰৰ ভুৱা প্ৰচাৰ ।

author img

By

Published : Jul 30, 2019, 3:16 PM IST

অবৈধ লালি গুৰৰ অবাধ বেহা প্ৰতিৰোধত ব্যৰ্থ অসম আৰক্ষী

গোলাঘাট, ৩০ জুলাই : অসমত চলি আছে লালিগুৰৰ এক বৃহৎ ছিণ্ডিকেট । সুৰা ট্ৰেজেদি ঘটনাত মিঠানেল ব্যৱহাৰৰ হোৱা বুলি ভুৱা প্ৰচাৰ চলাইছে দুষ্ট চক্ৰই । এই তথ্য উন্মোচিত কৰিলে অসমৰ বিধান সভা সৰ্বদলীয় সমিতিয়ে । উল্লেখযোগ্য যে, কিছুদিন আগত যোৰহাট আৰু গোলাঘাটত বিষাক্ত চুলাই পান কৰি মৃত্যু হৈছিল ডেৰ শতাধিকতকৈ অধিক লোকৰ । এই অভিশপ্ত সময়ছোৱাত আৰক্ষীয়ে চুলাই তৈয়াৰ কৰোতে মিঠানেল ব্যৱহাৰ হোৱাৰ কথা কৈছিল । ইফালে একে সময়তে বিভিন্ন দল সংগঠনে লালিগুৰৰ দ্বাৰা এই কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছিল । কিন্তু বিহাৰৰ নিষিদ্ধ লালিগুৰৰ বাবেই গোলাঘাট আৰু যোৰহাট জিলাৰ শতাধিক লোকৰ মৃত্যু হোৱা বুলি অসম বিধান সভাৰ সৰ্বদলীয় সমিতিয়ে দাখিল কৰা প্ৰতিবেদনে উন্মোচিত কৰিলে গোলাঘাট আৰু যোৰহাট জিলা আৰক্ষীৰ ৰহস্যজনক ভূমিকা । চৰকাৰ আৰু একাংশ আৰক্ষী পৃষ্ঠপোষকতাত চলি থকা লালিগুৰৰ ব্যৱসায়িক সুৰক্ষা দিবৰ বাবেই লালিগুৰ নহয় মিঠানেলৰ বাবেহে মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰতিবেদন দাখিল কৰা বুলি অভিযোগ উত্থাপিত কৰিছে গোলাঘাটৰ বিভিন্ন দল সংগঠনে । ঘটনা সন্দৰ্ভত সৰ্বদলীয় সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী লালিগুৰ ব্যৱসায়িক শাস্তি দিয়াৰ দাবী জনাইছে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি স্বতন্ত্ৰ আৰু মদ মুক্ত দাবী সমিতিয়ে । তেওঁলোকৰ স্পষ্ট মত নিষিদ্ধ হ’বই লাগিব লালিগুৰৰ ব্যৱসায় ।

Intro:লালিগুৰৰ এক বৃহৎ ছিণ্ডিকেট চলি আছে অসমত। এই ছিণ্ডিকেটক ৰক্ষণাবেক্ষণ দিবলৈকে সুৰা ট্ৰেজেদি ঘটনাত মিঠানেল ব্যৱহাৰৰ ভুৱা প্ৰচাৰ। এই ভুৱা প্ৰচাৰ উন্মোচিত কৰিলে অসমৰ বিধান সভা সৰ্বদলীয় সমিতিয়ে।

Body:লালিগুৰৰ এক বৃহৎ ছিণ্ডিকেট চলি আছে অসমত। এই ছিণ্ডিকেটক ৰক্ষণাবেক্ষণ দিবলৈকে সুৰা ট্ৰেজেদি ঘটনাত মিঠানেল ব্যৱহাৰৰ ভুৱা প্ৰচাৰ। এই ভুৱা প্ৰচাৰ উন্মোচিত কৰিলে অসমৰ বিধান সভা সৰ্বদলীয় সমিতিয়ে। যোৰহাট আৰু গোলাঘাটত বিষাক্ত চুলাই সেৱন কৰি মৃত্যু হৈছিল ডেৰ শতাধিকতকৈ অধিক লোকৰ। এই অভিশপ্ত সময়ছোৱাত আৰক্ষীয়ে চুলাই তৈয়াৰ কৰোতে মিঠানেল ব্যৱহাৰ হোৱাৰ কথা কৈছিল আনহাতে দল সংগঠনৰ লগতে বিভিন্ন জনে লালিগুৰৰ দ্বাৰা এই কাণ্ড সংগঠিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছিল। উল্লেখযোগ্য যে বিহাৰৰ নিষিদ্ধ লালিগুৰৰ বাবেই গোলাঘাট আৰু যোৰহাট জিলাৰ শতাধিক লোকৰ মৃত্যু হোৱা বুলি অসম বিধান সভাৰ সৰ্বদলীয় সমিতিয়ে দাখিল কৰা প্ৰতিবেদনে উন্মোচিত কৰিলে গোলাঘাট আৰু যোৰহাট জিলাৰ আৰক্ষীৰ ৰহস্যজনক ভূমিকা। চৰকাৰ আৰু একাংশ আৰক্ষী পৃষ্ঠপোষকতাত চলি থকা লালিগুৰৰ ব্যৱসায়িক সুৰক্ষা দিবৰ বাবেই লালিগুৰ নহয় মিঠানেল বাবেহে মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰতিবেদন দাখিল কৰা বুলি অভিযোগ উত্থাপিত কৰিছে গোলাঘাটৰ বিভিন্ন দল সংগঠনে। সৰ্বদলীয় সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী লালিগুৰ ব্যৱসায়িক শাস্তি দিয়াৰ দাবী জনোৱাৰ লগতে লালিগুৰ নিষিদ্ধ কৰণৰ দাবী জনাই চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি স্বতন্ত্ৰ আৰু মদ মুক্ত দাবী সমিতিয়ে।

Conclusion:byte 1: অমিত নাগ, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি।
byte 2: প্ৰবীণ দাস, মদ মুক্ত দাবী সমিতি, অসম।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.