বোকাখাত, ১২ আগষ্ট : বোকাখাতত সংবাদমেল সম্বোধন কৰি অগপ আৰু বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই (Bhupen Bora criticized BJP and AGP)। বিহাৰৰ ৰাজনীতিৰ উদাহৰণ দি অগপ লগতে অতুল বৰাক সমালোচনা কৰি ভূপেন বৰাই কয় যে অতুল বৰাই আঞ্চলিকতাবাদ জীয়াই ৰাখিবলৈ বিহাৰৰ ৰাজনীতিৰ পৰা শিক্ষা লোৱা উচিত ।
বিজেপিৰ অক্সিজেন লৈ জীয়াই থকা কাৰ্য পৰিহাৰ কৰিবলৈ অগপক আহ্বান । শ্বহীদৰ তেজৰ বিনিময়ত গঠন হোৱা অগপ, গণশক্তি, বিপিফক বিজেপি দলে এফালৰ পৰা গিলি পেলাইছে বুলিও কয় ভূপেন বৰাই । ইফালে নতুনকৈ গঠন হোৱা পৌৰসভা, নগৰ সমিতিসমূহত আৰোপ কৰা বিভিন্ন নীতিক লৈ বৰাই কয় যে ধাৰত পোত যোৱা বিজেপি চৰকাৰে নগৰ এলেকাৰ আন্তঃগাঁঠনি উন্নয়ন নকৰাকৈ অধিক কৰ সংগ্ৰহেৰে ৰাইজক মাধমাৰ শোধাবলৈ চেষ্টা চলাইছে (Bhupen Bora on Municipal board new rule)।
ইফালে বিজেপিয়ে দেশজুৰি আৰম্ভ কৰা 'হৰ ঘৰ ত্ৰিৰংগা' বা 'ঘৰে ঘৰে জাতীয় পতাকা' অভিযান সম্পৰ্কত ভূপেন বৰাই কয় যে ত্ৰিৰংগ পতাকাক স্বীকৃতি আৰু সন্মান জনাব নিবিছৰা, মহামানৱ মহাত্মা গান্ধীক হত্যা কৰা লোকৰ পক্ষত থকা বিজেপিৰ জন্মদাতা আৰ এছ এছয়ে ৰাষ্ট্ৰীয় পতাকাক নতুনকৈ সন্মান জনাব বিচৰাটো সৌভাগ্যৰ লক্ষণ (APCC president on Har Ghar Tiranga)। এই অভিযান কোনো নতুন চিন্তা নহয়, কংগ্ৰেছ দলৰ পৰা অনুকৰণ কৰা বুলি তেওঁ উল্লেখ কৰে ।
কংগ্ৰেছ দলে ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিশাল পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ এই কাৰ্যসূচীৰ পৰা জনসাধাৰণৰ লক্ষ্য আঁতৰাবৰ বাবেহে চৰকাৰে এই 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী আৰম্ভ কৰিছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে । ইফালে দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰে দুমুখীয়া নীতি গ্ৰহণ কৰিছে বুলিও তেওঁ অভিযোগ কৰে । পশ্চিমবংগৰ আৰক্ষীয়ে অপৰাধী আখ্যা দিয়া অশোক ধানুকাক অসম আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়া বুলিও তেওঁ অভিযোগ কৰে । আনহাতে ৰাজ্যত দলং আৰু পথ নিৰ্মাণত চলি থকা বৃহৎ দুৰ্নীতিসমূহ চৰকাৰৰ চকুত নপৰে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে ।