ETV Bharat / state

গোলাঘাটত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক - GOLAGHAT SI Arrested

দৰমহাৰ টকা যথেষ্ট নহয় আৰক্ষীৰ খাকী পোছাকত ক'লা দাগ লগোৱা একাংশ আৰক্ষী বিষয়াৰ বাবে । বক্ৰ পথেৰে ধন উপাৰ্জনৰ অভ্যাস নেৰে এনে আৰক্ষী বিষয়াসকলে । কিন্তু দশা বেয়া থাকিলে ৰক্ষা নাই । ৰঙাঘৰৰ আলহী হোৱাটো খাটাং । এইবাৰ গোলাঘাটৰ এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰো একে অৱস্থা হ'ল । উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষী উপ-পৰিদৰ্শক আব্দুল জেলিলক ।

Anti corruption bureau arrested SI in Golaghat
দুৰ্নীতি নিবাৰক শাখাৰ জালত গোলাঘাটৰ আৰক্ষী উপ পৰিদৰ্শক
author img

By

Published : Oct 1, 2021, 11:34 AM IST

গোলাঘাট, ১ অক্টোবৰ : ৰাইজৰ সুৰক্ষাৰ দায়িত্বত থাকি ৰাইজৰে তেজ শোহে একাংশ ঘোচখোৰ আৰক্ষী বিষয়াই । পুনৰ এই কথাকে সত্য বুলি প্ৰমাণিত কৰিলে গোলাঘাটৰ এগৰাকী আৰক্ষী বিষয়াই । এফালে একাংশ বিষয়াই দিনে-নিশাই, ৰ'দে-বৰষুণকো আওকাণ নিজৰ কৰ্তব্য পালন কৰে, আনফালে আন একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াই নিজৰ কু-কৰ্মৰে আৰক্ষীৰ নামত কালিমা সানে । এনে আৰক্ষী বিষয়াই নিজেই আইন ভংগ কৰে ।

এইবাৰ নিজেই আইনৰ ৰোষত পৰিল গোলাঘাটৰ এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক । বৃহস্পতিবাৰে আব্দুল জেলিল নামৰ এই আৰক্ষী উপ-পৰিদৰ্শকগৰাকীক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই । জানিব পৰা মতে, গোলাঘাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক আব্দুল জেলিলে মাটি-বাৰী সংক্ৰান্তীয় গোচৰৰ তদন্তৰ সময়ত জিচু দাস নামৰ এজন লোকৰ পৰা ২০ হাজাৰ টকা দাবী কৰিছিল । জিচু দাসে এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাক অভিযোগ দাখিল কৰে ।

ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাই ঘোচখোৰ আৰক্ষী বিষয়াগৰাকীক কৰায়ত্ব কৰাৰ বাবে জাল পাতে । আব্দুল জেলিলে দাবী কৰা ২০ হাজাৰ টকাৰ ভিতৰত ১০ হাজাৰ টকা জিচু দাসে দিবলৈ আহোঁতেই দুৰ্নীতি নিবাৰক শাখাই গোলাঘাট সদৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক আব্দুল জেলিলক দাবী কৰা ধনসহ গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিছতে অভিযানকাৰী দলটোৱে গোলাঘাট সদৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক আব্দুল জেলিলক মাৰাথন জেৰা চলায় ।

উপ-পৰিদৰ্শক আব্দুল জেলিলৰ বাসগৃহ আৰু XUV 500 AS01DT1592 বাহনখনতো তালাচী চলায় অভিযানকাৰী দলটোৱে । সম্প্ৰতি দুৰ্নীতি নিবাৰক শাখাই আব্দুল জেলিলক অধিক সোধা-পোচাৰ বাবে গুৱাহাটী লৈ নিয়ে । দুৰ্নীতি নিবাৰক শাখাৰ জেৰাত অধিক তথ্য পেহৰলৈ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:ধোদৰ আলি পথ সঠিকভাৱে নিৰ্মাণৰ নিৰ্দেশ বিধায়ক প্ৰদীপ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.