ETV Bharat / state

গোলাঘাটত মাছ মাৰিবলৈ গৈ কিশোৰৰ সলিল সমাধি

author img

By

Published : Aug 27, 2020, 2:02 PM IST

বৃহস্পতিবাৰে দৈগ্ৰোং নদীত মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটে এগৰাকী কিশোৰৰ ৷ বগীজান আৰক্ষীৰ লোক উপস্থিতি হৈ কিশোৰগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

সলিল সমাধি কিশোৰৰ
সলিল সমাধি কিশোৰৰ

গোলাঘাট, 27 আগষ্ট: গোলাঘাট জিলাৰ নুমলীগড়ৰ নিকটৱৰ্তী দৈগ্ৰোং নদীত মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটে এগৰাকী কিশোৰৰ ৷ সমনীয়াৰ সৈতে মাছ মাৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱতি ললে কাঠনি চাহ বাগিচাৰ বৰচালি অঞ্চলৰ এৰালু ঝাতাপ (১৫) নামৰ, অষ্টম শ্ৰেণীত অধ্যয়নৰত কিশোৰ এগৰাকীয়ে ৷ স্থানীয় লোকৰ তৎপৰতাত নদীৰ দ সুঁতিৰ পৰা জালসহ উদ্ধাৰ কৰা হয় কিশোৰগৰাকীক ৷ কিশোৰগৰাকীক উদ্ধাৰৰ সময়ত তেওঁৰ মৃতদেহটো মাছ মৰা জালেৰে আবৃত হৈ আছিল বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে উদ্ধাৰকাৰী লোক এগৰাকীয়ে ৷

গোলাঘাটত মাছ মাৰিবলৈ গৈ কিশোৰৰ সলিল সমাধি

স্থানীয় লোকৰ সন্দেহ অচেতন হৈ পানীত ডুব গৈ মৃত্যু হয় কিশোৰজনৰ ৷ ঘটনাস্থলীত সম্প্ৰতি বগীজান আৰক্ষীৰ লোক উপস্থিতি হৈ কিশোৰগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: নৈশ বাছত ৰহস্যজনক মৃত্যু যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.