দেৰগাঁও, 13 মে': দেৰগাঁৱত এম জি এন ৰেগা আচনিৰ অধীনত নিৰ্মাণ হোৱা পথত 5 বছৰতো নপৰিল পেভাৰ ব্লক ৷ দেৰগাঁৱৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট চহৰৰ নিচেই কাষতে থকা মালৌআলি কৃষ্ণ নগৰত দেখা পোৱা গৈছে স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভড়ালীৰ দিনত হোৱা উন্নয়নৰ নমুনা প্ৰতিচ্ছৱি ৷ বিগত 2015-16 বৰ্ষতে পেভাৰ ব্লকেৰে নিৰ্মাণ কৰাৰ বাবে নিৰ্ধাৰণ কৰা মুক্তি যোদ্ধা পথ নামৰ মালৌআলি হৈ কৃষ্ণ নগৰলৈ যোৱা পথটো ৷ কিন্তু 4,94,232 টকাৰ নিৰ্মাণ কৰিব লগীয়া পথটোত আজিকুপতি পেভাৰ ব্লক নপৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বিগত 5 বছৰে প্ৰথম পয্যায়ত পেভাৰ ব্লকেৰে উক্ত পথটো মাত্ৰ 50 মিটাৰহে নিৰ্মাণ কৰা ফলত যাতায়তত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণ ৷ 1 কিলোমিটাৰ দৈঘ্যৰ পথটি নিৰ্মাণৰ দ্বিতীয় পয্যায়ৰ আচনিৰ ধন হিচাপে 4,91,202 টকা নিৰ্ধাৰণ কৰা হৈছিল যদিও আজিও পেভাৰ ব্লক নপৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নিৰ্মাণৰ বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰি চকু মুদা কুলিৰ ভাও যোৰাৰ অভিযোগ দেৰগাঁৱৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে ৷
দেখিও নেদেখে দেৰগাঁৱৰ বিধায়কে ! ক্ষোভত ফাটিছে সমষ্টিবাসী - constructing
দেৰগাঁৱৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট চহৰৰ নিচেই কাষতে থকা মালৌআলি কৃষ্ণ নগৰত দেখা পোৱা গৈছে স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভড়ালীৰ কাৰ্যকালত হোৱা উন্নয়নৰ নমুনা ৷ বিগত 2015-16 বৰ্ষতে পেভাৰ ব্লকেৰে নিৰ্মাণ কৰাৰ বাবে নিৰ্ধাৰণ কৰা মুক্তি যোদ্ধা পথ নামৰ মালৌআলি হৈ কৃষ্ণ নগৰলৈ যোৱা পথটো আজিও অসম্পূৰ্ণ ৷
![দেখিও নেদেখে দেৰগাঁৱৰ বিধায়কে ! ক্ষোভত ফাটিছে সমষ্টিবাসী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3266252-thumbnail-3x2-dergaon.jpg?imwidth=3840)
দেৰগাঁও, 13 মে': দেৰগাঁৱত এম জি এন ৰেগা আচনিৰ অধীনত নিৰ্মাণ হোৱা পথত 5 বছৰতো নপৰিল পেভাৰ ব্লক ৷ দেৰগাঁৱৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট চহৰৰ নিচেই কাষতে থকা মালৌআলি কৃষ্ণ নগৰত দেখা পোৱা গৈছে স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভড়ালীৰ দিনত হোৱা উন্নয়নৰ নমুনা প্ৰতিচ্ছৱি ৷ বিগত 2015-16 বৰ্ষতে পেভাৰ ব্লকেৰে নিৰ্মাণ কৰাৰ বাবে নিৰ্ধাৰণ কৰা মুক্তি যোদ্ধা পথ নামৰ মালৌআলি হৈ কৃষ্ণ নগৰলৈ যোৱা পথটো ৷ কিন্তু 4,94,232 টকাৰ নিৰ্মাণ কৰিব লগীয়া পথটোত আজিকুপতি পেভাৰ ব্লক নপৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বিগত 5 বছৰে প্ৰথম পয্যায়ত পেভাৰ ব্লকেৰে উক্ত পথটো মাত্ৰ 50 মিটাৰহে নিৰ্মাণ কৰা ফলত যাতায়তত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণ ৷ 1 কিলোমিটাৰ দৈঘ্যৰ পথটি নিৰ্মাণৰ দ্বিতীয় পয্যায়ৰ আচনিৰ ধন হিচাপে 4,91,202 টকা নিৰ্ধাৰণ কৰা হৈছিল যদিও আজিও পেভাৰ ব্লক নপৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নিৰ্মাণৰ বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰি চকু মুদা কুলিৰ ভাও যোৰাৰ অভিযোগ দেৰগাঁৱৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে ৷
এম জি এন ৰেগা আচনিৰ নিৰ্মাণৰ পথত ৫ বছৰতো নপৰিল পেভাৰ ব্লক।।
বহু পৰিৱৰ্তনৰ আশাৰে ৰাইজে শাসনৰ গাদী লৈ আনিছিল বিজেপিক।কিন্তু পৰিবৰ্তন টো বাদেই তাৰ বিপৰীত ছবিখনহে এতিয়া প্ৰতিফলিত হোৱাৰ পৰিলক্ষিত হৈছে।দেৰগাঁৱ।বিধান সভাৰ বিধায়ক ভবেন্দ্ৰ নাথ ভড়ালী।এওৰ দেৰগাঁৱ বিধান সভাৰ অন্তৰ্গত যোৰহাট চহৰৰ নিচেই কাষতে থকা মালৌআলি কৃষ্ণ নগৰত দেখা পোৱা গৈছে সমষ্টিৰ বিধায়ক গৰাকীৰ দিনত হোৱা উন্নয়নৰ নমুনা।মুক্তি যোদ্ধা পথ নামৰ মালৌআলি হৈ কৃষ্ণ নগৰলৈ যোৱা পথটোত বিগত ২০১৫-১৬ বৰ্ষতে নিৰ্ধাৰণ কৰা পথটোত পেভাৰব্লকৰে নিৰ্মাণ কৰা।কিন্তু ৪,৯৪,২৩২ টকাৰ নিৰ্মাণ কৰিব লগীয়া পথতো আজিও নপৰিল পেভাৰব্লক।
উত্তৰ-পশ্চিম যোৰহাটৰ ৪২ গাও পঞ্চায়তৰ অধিনষ্ঠ মুক্তি যোদ্ধা পথতো প্ৰথম পয্যায়ত মাত্ৰ ৫০ মিটাৰ হে পেভাৰব্লক ৰে নিৰ্মাণ কৰা হয়।বিগত ৫ বছৰে সম্পূৰ্ণ নহোৱাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণৰ যাতায়তত সমস্যাৰ সন্মুখীন হৈছে।কিন্তু ১ কিলোমিটাৰ দৈঘ্যৰ পথটি দ্বিতীয় পয্যায়ৰ আচনীৰ ধন হিচাপে ৪,৯১,২০২ টকা নিৰ্ধাৰণ কৰা হৈছিল যদিও আজিও নপৰিল পেভাৰব্লক।
উন্নয়নৰ ফুলজাৰি মৰা বিধায়ক জনৰ চকু পৰিবনে এই অঞ্চলৰ গূৰুত্বপূৰ্ণ পথটোত।নে শুই বঢ়িয়েই কটাব মূল্যৱান ৫ টাকৈ বছৰ।