ETV Bharat / state

গোলাঘাটত জুৱেল অৰামৰ প্ৰতিকৃতি দাহ - Ministry of Tribal Affairs

ৰাজ্যসভাত জনজাতিকৰণ বিধেয়ক উত্থাপন নকৰাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যযুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয় । ইয়াৰ প্ৰতিবাদত গোলাঘাটত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অৰাম তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে ।

প্ৰতিকৃতি দাহ
author img

By

Published : Feb 13, 2019, 9:20 PM IST

গোলাঘাট, ১৩ ফেব্ৰুৱাৰীঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদত ৰাজ্যত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জনগোষ্ঠীয় সংগঠনসমূহে। ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচনৰ পিচত বিজেপি দলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।

প্ৰতিকৃতি দাহ
undefined

প্ৰতিশ্ৰুতি ভাষণতে সীমাবদ্ধ ৰাখি কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে বৰঞ্চ ৰাজ্যৰ ছয় জনগোষ্ঠীক ইমানদিনে প্ৰতাৰণা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই । কেন্দ্ৰীয় চৰকাৰৰ বঞ্চণা আৰু প্ৰতাৰণাৰ প্ৰতিবাদত সংগঠনটোৱে গোলাঘাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অৰাম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে আটাছুৱে । ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে শীঘ্ৰেই ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে লোকসভা নিৰ্বাচনত ইয়াৰ সমূচিত প্ৰত্যুত্তৰ লাভ কৰিব বুলি বিজেপি চৰকাৰক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে ।

Gallagher.13.02.2019
SLUG. GOLAGHAT EFFIGY BURN
A_GLT_810_13FEB_GOLAGHAT_EFFIGY_BURN_VISUAL_1_DIGANTA
A_GLT_811_13FEB_GOLAGHAT_EFFIGY_BURN_VISUAL_2_DIGANTA
A_GLT_812_13FEB_GOLAGHAT_EFFIGY_BURN_BYTE_1_DIGANTA
O.C. গোলাঘাটত কেন্দ্ৰীয় জনজাতি মন্ত্ৰী জুৱেল ওৰাম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ । তাই আহোম ছাত্র সন্থাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি কৰে এই প্ৰতিবাদ । ছয় জনগোষ্ঠীক জনজাতি কৰণৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ । ছয় জনগোষ্ঠীক জনজাতি কৰণৰ ভূৱা প্ৰতিশ্ৰুতি প্ৰদানৰ অভিযোগ উথাপন কৰি এই প্ৰতিবাদ । ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতি কৰণ কৰা হব বুলি প্ৰচাৰ চলাই বি জে পিয়ে ৰাজ্য সভাত এই বিধেয়ক উথাপনেই নকৰি পুনৰ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ উথাপন কৰি গোলাঘাটত তাই আহোম ছাত্র সন্থাই কেন্দ্ৰীয় জনজাতি মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা বুলি জনায় ।
Byte_নেতা, তাই আহোম ছাত্র সন্থা
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

বি : দ্ৰ: ভিজুৱেল বাইট ftpত গ'ল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.