জাতি মাটি ৰক্ষাৰ স্বাৰ্থত গণধৰ্ণাত নামিছে অসমীয়া ৷ চৰকাৰ বিৰোধী হুংকাৰে উত্তাল কৰিছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ ৷ এসময়ত বৰ-বৰ কথা কোৱা সোণোৱাল চৰকাৰৰ দিল্লীৰ ওচৰত নিলৰ্জ আত্মসমৰ্পনে অৱশেষত হাতত হেংদাং তুলি ল'বলৈ বাধ্য কৰাইছে প্ৰতিজন অসমীয়াক ৷ এফালে যদি বাংলাদেশীক আদৰিবলৈ সাজু শাসনাধিষ্ঠিত চৰকাৰ আনফালে বাংলাদেশী খেদিবলৈ অসমীয়াৰ ৰণহুংকাৰ ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত..
'কেব' নামানে অসমীয়াইঃ দেহৰ শেষ টোপাল তেজ থকালৈ যুঁজি যোৱাৰ হুংকাৰ - সমগ্ৰ ৰাজ্যত কেব বিৰোধী প্ৰতিবাদ
চৰকাৰৰ বিৰোধিতা কৰি ওলাই আহিল সমগ্ৰ দল-সংগঠন ৷ কাৰণ পুনৰ হত্যা কৰিবলৈ দিয়া নহ'ব 855 গৰাকী ছহিদক ৷
!['কেব' নামানে অসমীয়াইঃ দেহৰ শেষ টোপাল তেজ থকালৈ যুঁজি যোৱাৰ হুংকাৰ কেব সহ্য নকৰে অসমীয়াই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5289212-368-5289212-1575638538588.jpg?imwidth=3840)
কেব সহ্য নকৰে অসমীয়াই
জাতি মাটি ৰক্ষাৰ স্বাৰ্থত গণধৰ্ণাত নামিছে অসমীয়া ৷ চৰকাৰ বিৰোধী হুংকাৰে উত্তাল কৰিছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ ৷ এসময়ত বৰ-বৰ কথা কোৱা সোণোৱাল চৰকাৰৰ দিল্লীৰ ওচৰত নিলৰ্জ আত্মসমৰ্পনে অৱশেষত হাতত হেংদাং তুলি ল'বলৈ বাধ্য কৰাইছে প্ৰতিজন অসমীয়াক ৷ এফালে যদি বাংলাদেশীক আদৰিবলৈ সাজু শাসনাধিষ্ঠিত চৰকাৰ আনফালে বাংলাদেশী খেদিবলৈ অসমীয়াৰ ৰণহুংকাৰ ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত..
যুঁজিব অসমীয়া, জিকিব অসমীয়া !
যুঁজিব অসমীয়া, জিকিব অসমীয়া !
Intro:
বৰপেটা, ৬ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে দল সংগঠনৰ প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী বিধেয়কে জাতিটোৰ প্ৰতি কঢ়িয়াই অনা ভাবুকি প্ৰতিহত কৰাৰ স্বাৰ্থতে ৰাজ্যৰ প্ৰায় সকলো ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনসমুহে ৰাজপথত প্ৰতিবাদত চামিল হৈছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছু , জাতীয়তাবাদী যুৱ পৰিষদৰ লগতে আজি কংগ্ৰেছেও বৰপেটাত প্ৰতিবাদ সাব্যস্ত কৰে ৷ Body:প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশমৰ্মে আজি বৰপেটা জিলা কংগ্ৰেছে ৰাজীৱ ভৱনত অনশন কাৰ্যসূচী ৰূপায়ন কৰি বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অনশন কাৰ্যসূচীত অংশ গ্ৰহন কৰি বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে এই বিধেয়কখনে ভাৰতীয় সংবিধানৰ মুল আধাৰ ধৰ্মনিৰপেক্ষতাক নস্যাৎ কৰিব বুলি মন্তব্য কৰে ৷ ই ভাৰতীয় সংবিধান আৰু ধৰ্মনিৰপেক্ষ নীতিৰ বিৰোধী বুলি অভিহিত কৰি বিধেয়কখন বাতিলৰ দাবী জনায় ৷
Conclusion:বাইটঃ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৷
--- বাপকন দাস, বৰপেটা ৷