দেৰগাঁও, 9 ছেপ্তেম্বৰঃ দেৰগাঁৱত দেওবাৰে সম্পন্ন হৈ যায় উজনি অসম আগৰ ব্যৱসায়ীৰ সভা ৷ সভাত অল আছাম আগৰ উথ প্লেণ্টাছ এণ্ড ট্ৰেডাৰ্ছ এচচিয়েছনৰ সভাপতি জেহিৰুল ইছলামে সাংসদ বদৰুদ্দিন আজমল আৰু হোজাইৰ কেইবাজনো ব্যৱসায়ীৰ বিৰুদ্ধে উজনি অসমৰ সাঁচিৰ ব্যৱসায়টোক কুক্ষিগত কৰাৰ লগতে স্থানীয় ক্ষুদ্ৰ আগৰ ব্যৱসায়ীসকলক লুণ্ঠন কৰাৰ অভিযোগ তোলে ৷ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি উপস্থিত থকা এই সভাত সাঁচি খেতিৰে কেনেকৈ অধিক লাম্ভাৱিত হ'ব পাৰি ইয়াৰ বিষয়ে কৃষক সকলক অৱগত কৰা হয় । শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যত আগৰৰ ব্যৱসায় বৈধ ঘোষণা কৰাৰ পিছৰ পৰাই যথেষ্ট উৎসাহিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ সাঁচি কৃষক আৰু ব্যৱসায়ীসকল । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে সন্থাৰ সভাপতি জেহিৰুল ইছলামে ৷
দেৰগাঁৱত উজনি অসম আগৰ ব্যৱসায়ীৰ সভা - Upper Assam Agor Traders
দেৰগাঁৱত সম্পন্ন উজনি অসম আগৰ ব্যৱসায়ীৰ সভা ৷ সভাত অল আছাম আগৰ উথ প্লেণ্টাছ এণ্ড ট্ৰেডাৰ্ছ এচচিয়েছনৰ সভাপতি জেহিৰুল ইছলামে আগৰ ব্যৱসায়ী সাংসদ বদৰুদ্দিন আজমলৰ ওপৰত উজনি অসমৰ ব্যৱসায়ীক লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷
দেৰগাঁও, 9 ছেপ্তেম্বৰঃ দেৰগাঁৱত দেওবাৰে সম্পন্ন হৈ যায় উজনি অসম আগৰ ব্যৱসায়ীৰ সভা ৷ সভাত অল আছাম আগৰ উথ প্লেণ্টাছ এণ্ড ট্ৰেডাৰ্ছ এচচিয়েছনৰ সভাপতি জেহিৰুল ইছলামে সাংসদ বদৰুদ্দিন আজমল আৰু হোজাইৰ কেইবাজনো ব্যৱসায়ীৰ বিৰুদ্ধে উজনি অসমৰ সাঁচিৰ ব্যৱসায়টোক কুক্ষিগত কৰাৰ লগতে স্থানীয় ক্ষুদ্ৰ আগৰ ব্যৱসায়ীসকলক লুণ্ঠন কৰাৰ অভিযোগ তোলে ৷ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি উপস্থিত থকা এই সভাত সাঁচি খেতিৰে কেনেকৈ অধিক লাম্ভাৱিত হ'ব পাৰি ইয়াৰ বিষয়ে কৃষক সকলক অৱগত কৰা হয় । শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যত আগৰৰ ব্যৱসায় বৈধ ঘোষণা কৰাৰ পিছৰ পৰাই যথেষ্ট উৎসাহিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ সাঁচি কৃষক আৰু ব্যৱসায়ীসকল । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে সন্থাৰ সভাপতি জেহিৰুল ইছলামে ৷
উজনি অসমৰ আগৰ ব্যৱসায়ীক লুণ্ঠন চলাই বদৰুদ্দিন আজমলে বিদেশত কিনিছে সম্পত্তি , কিনিছে হেলিকপ্তাৰ !
----------------------------------------------
দেৰগাঁও ৯ ছেপ্টেম্বৰ -- উজনি অসমৰ আগৰৰ কৃষক ব্যৱসায়ীক যোৱা ৭০ বছৰ ধৰি শোষন কৰিছে বদৰুদ্দিন আজমলে । আগৰৰ কৃষক - ব্যৱসায়ীক লুণ্ঠন চলাই বিদেশত সা - সম্পত্তি কিনিছে বদৰুদ্দিন আজমলে । কিনিছে হেলিকপ্তাৰো । বদৰুদ্দিনৰ লগত আছে হোজাইৰ কেইবাজনো ব্যক্তি । এই বিস্ফোৰক মন্তব্য অল আছাম আগৰ উথ প্লেণ্টাছ এণ্ড ট্ৰেডাৰ্ছ এচচিয়েছনৰ সভাপতি জেহিৰুল ইছলামৰ । দেওবাৰে দেৰগাৱঁত অনুষ্ঠিত হোৱা এখন সভাত এই মন্তব্য কৰে আপটাৰ সভাপতি জনে । গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি উপস্থিত থকা এই সভাত সাঁচি খেতিৰে কেনেকৈ অধিক লাম্ভাৱিত হ'ব পাৰি ইয়াৰ বিষয়ে অৱগত কৰা হয় কৃষক সকলক । শেহতিয়াকৈ অসম চৰকাৰে ৰাজ্যত আগৰৰ ব্যৱসায় বৈধ ঘোষনা কৰাৰ পিছৰ পৰাই যথেষ্ট উৎসাহিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ সাঁচি কৃষক আৰু ব্যৱসায়ী সকল । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ধন্যবাদ জনাইছে আপটাই ।
byte --জেহিৰুল ইছলাম , সভাপতি ( আপটা )
Conclusion:ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে