ETV Bharat / state

অগপ দলত বহুতো ভূল-ক্ৰটি আছে : অতুল বৰা

author img

By

Published : Oct 3, 2020, 8:25 PM IST

নতুন দল সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাৰ প্ৰতিক্ৰিয়া ৷ লগতে, অগপ দল সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য সভাপতি গৰাকীৰ ৷ আগন্তক নিৰ্বাচনত অতুল বৰাই পুনৰ বোকাখাত সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা ৷

AGP President Atul Bora Reaction On New Political Party
অগপ দলত বহুতো ভূল-ক্ৰটি আছেঃ অতুল বৰা

গোলাঘাট, 3 অক্টোবৰ : ৰাজ্যত গঠিত হোৱা নতুন আঞ্চলিক দল সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী অতুল বৰাই ৷ শনিবাৰে গোলাঘাটত অনুষ্ঠিত হোৱা অসম গণ পৰিষদ গোলাঘাট জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা আৰু অগপত যোগদান কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰী অতুল বৰাই আগবঢ়ালে গুৰুত্বপূৰ্ণ মন্তব্য ৷

বোকাখাতত অতুল বৰা

তেওঁ কয় যে, যদিহে ক্ষমতা দখলে আন্দোলনৰ লক্ষ্য হয়, তেন্তে সেই লক্ষ্যত কেতিয়াও উপনীত হ'ব নোৱাৰে । ৰাজ্যত নতুন আঞ্চলিক দলে অসম গণ পৰিষদ দলক কোনো ধৰণৰ ক্ষতিসাধন নকৰে ।

নতুন আঞ্চলিক দল সম্বন্ধে অতুল বৰাৰ মন্তব্যলগতে পঢ়ক : গঞাৰ হুংকাৰ : সমস্যা সমাধান নকৰিলে নেতাৰ প্ৰৱেশ নিষেধ

লগতে, অসম গণ পৰিষদ দল সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী গৰাকীয়ে ৷ তেওঁ কয় যে, অগপ দলটোত বহুতো ভুল আছে । দলটোৰ নেতাকৰ্মীয়ে নিজকে আত্ম সমালোচনা কৰিছে । গতিকে, অসম গণ পৰিষদ দলে আৰু ভূৱা প্ৰতিশ্ৰুতি প্ৰদান নকৰে । বৰ্তমান নৱ প্ৰজন্মৰ যথেষ্ট সহাৰি লাভ কৰিছে অসম গণ পৰিষদ দলে ।

অগপ দলত বহুতো ভূল-ক্ৰটি আছেঃ অতুল বৰা

আনহাতে, আগন্তক নিৰ্বাচনত গোলাঘাট জিলাত তিনিটা সমষ্টিত অগপই প্ৰাৰ্থীত্ব লাভ কৰাৰ আশা প্ৰকাশ কৰিছে অগপ দলৰ সভাপতি অতুল বৰাই । অতুল বৰাই পুনৰ বোকাখাত সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব বুলি জানিব দিয়ে । বোকাখাত সমষ্টিৰ ৰাইজৰ মৰম-চেনেহৰ বাবে আন সমষ্টিত প্ৰাৰ্থীত্ব নিবিচাৰে অগপ দলৰ সভাপতি অতুল বৰাই ।

লগতে পঢ়ক : তেজপুৰত নিৰ্মাণ হ’ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.