ETV Bharat / state

কাকচাং জলপ্ৰপাতত অঘটনঃ গভীৰ সোঁতত উটি গল কৰ্মচাৰী

যোৰহাট এয়াৰ ফৰ্চ ষ্টেচনৰ কৰ্মচাৰী গৌৰৱ গুপ্তাই সহকৰ্মীৰ স'তে জলপ্ৰপাতত দৰ্শন কৰিবলৈ গৈছিল ৷

গভীৰ সোঁতত উটি গল কৰ্মচাৰী
author img

By

Published : Jun 3, 2019, 10:19 AM IST

বোকাখাট, 03 জুন: দেওবাৰে বিয়লি কাৰ্বি-আংলঙৰ কাকছাং জলপ্ৰপাত দৰ্শন কৰিবলৈ গৈ এজন লোকৰ সলিল সমাধি ঘটে ৷ নিহত লোকজন উত্তৰ প্ৰদেশৰ বাসিন্দা যোৰহাট এয়াৰফৰ্চ ষ্টেচনৰ কৰ্মচাৰী গৌৰৱ গুপ্তা বুলি চিনাক্ত কৰা হৈছে ৷

গভীৰ সোঁতত উটি গল কৰ্মচাৰী

জানিব পৰা মতে গৌৰৱ গুপ্তাই সহকৰ্মীৰ সৈতে বিয়লি তিনি বজাত কাকছাং জলপ্ৰপাতত দৰ্শন কৰিবলৈ গৈছিল ৷ তেনে সময়তে জলপ্ৰপাতৰ পানীৰ গভীৰ সোঁতত নিয়ন্ত্ৰণ হেৰুৱাই লোকজন ডুব যায় ৷ পৰৱৰ্তী সময়ত এচ ডি আৰ এফৰ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰি বোকাখাতস্থিত কমলামিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে ৷ উল্লেখ্য যে জলপ্ৰপাতটোত,বাৰিষা পানীৰ স্তৰ যথেষ্ট বৃদ্ধি পাই প্ৰতি বছৰেই দৰ্শনাৰ্থীৰ মৃত্যু হয় ৷ এই ক্ষেত্ৰত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা আছে ৷

Intro:কাকসাং জলপ্ৰপাতত অঘটন, গভীৰ সোঁতত উটি গল যোৰহাট এয়াৰ ষ্টেচনৰ কৰ্মচাৰীBody:বোকাখাত, 03-06-2019
দেওবাৰে বিয়লি কাৰ্বি-আংলংৰ কাকসাং জলপ্ৰপাত দৰ্শন কৰিবলৈ গৈ সলীল সমাধি ঘটে এজন লোকৰ। জানিব পৰা মতে উত্তৰ প্ৰদেশৰ বাসিন্দা যোৰহাট এয়াৰফৰ্চ ষ্টেচনৰ কৰ্মচাৰী গৌৰৱ গুপ্তা (28) সহকৰ্মীৰ সৈতে বিয়লি তিনি বজাত কাকসাং জলপ্ৰপাতত উপস্থিত হয়। জলপ্ৰপাতৰ পানীৰ গভীৰ সোঁতত নিয়ন্ত্ৰণ হেৰুৱাই লোকজন ডুব যায়। এচডিআৰএফৰ দল আহি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি বোকাখাতস্থিত কমলামিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। উল্লেখ্য যে জলপ্ৰপাটটোৰ বাৰিষা পানীৰ স্তৰ যথেষ্ট বৃদ্ধি পাই আৰু প্ৰতি বছৰেই দৰ্শনাৰ্থীৰ মৃত্যু হয়। এই ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা নললে এনে ঘটনাৰ পুনৰাবৃত্তি ঘটাটো স্বাভাৱিক।Conclusion:শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.