ETV Bharat / state

গোলাঘাটত গ্ৰেপ্তাৰ ধন আত্মসাতকাৰী ধৃত প্ৰৱন্ধক অভিজিৎ বৰা - ধৃত প্ৰৱন্ধক অভিজিৎ বৰা

গোলাঘাটত কেইবাটাও বেংকৰ বিষয়াৰ সহযোগত টকা লুট কৰা ধৃত অভিজিৎ বৰাক গ্ৰেপ্তাৰ ৷ গোলাঘাটত গ্ৰেপ্তাৰ নাবাৰ্ডৰ কৰ্মচাৰীসহ ধৃত প্ৰৱন্ধক অভিজিৎ বৰা ৷ গোলাঘাট আৰক্ষীয়ে ধৃত অভিজিৎ বৰা আৰু মজেন বসুমতাৰীক গ্ৰেপ্তাৰ কৰি তদন্তৰ অব‍্যাহত ৰাখিছে ৷

Abhjijit bora arrested in Golaghat
গোলাঘাটত গ্ৰেপ্তাৰ ধন আত্মসাতকাৰী ধৃত প্ৰৱন্ধক অভিজিৎ বৰা
author img

By

Published : Feb 18, 2020, 11:53 PM IST

গোলাঘাট, 18 ফেব্ৰুৱাৰীঃ গোলাঘাটত গ্ৰেপ্তাৰ নাবাৰ্ডৰ কৰ্মচাৰীসহ ধৃত প্ৰৱন্ধক অভিজিৎ বৰা ৷ গোলাঘাটত কেইবাটাও বেংকৰ বিষয়াৰ সহযোগত অভিজিত বৰাই আত্মসাৎ কৰিছিল 59 লাখ টকা ৷ উল্লেখ্য যে চেন্ট্ৰেল বেংকত 10 জন লোকৰ নামত বেংক একাউণ্ট খুলি গো-পালনৰ বাবে নাবাৰ্ডৰ জৰিয়তে 6 লাখ টকাকৈ ঋণ বিচাৰি আবেদন জনাইছিল ৷ ঠিক একেসময়তে অভিজিত বৰাই উক্ত 10 জন লোকৰ নামত একেটা বেংকতে পুনৰ 10 টা একাউণ্ট আৰু বেংকৰ বিষয়াৰ সহযোগত ভূৱা 10 টা একাউণ্টত ঋণৰ নামত বেংকে প্ৰদান কৰিছিল 59 লাখ টকা ৷ উক্ত 59 লাখ টকা পুনৰ তিনিটা বেংকত ভূৱা একাউণ্ট খুলি তিনিভাগত ট্ৰেন্সফাৰ কৰিছিল অভিজিৎ বৰাই ৷ 59 লাখ টকাৰে 30 লাখ বোকাখাট শাখা বন্ধন বেংক আৰু 16 লাখ হাৰ্ডৱেৰ ইলেকট্ৰনিকছ নামৰ এখন দোকানৰ ভূৱা একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি টকাখিনি লুটপাত কৰিছিল অভিজিৎ বৰা আৰু নাবাৰ্ডৰ কৰ্মচাৰী মজেন বসুমতাৰীয়ে ৷

গোলাঘাটত গ্ৰেপ্তাৰ ধন আত্মসাতকাৰী ধৃত প্ৰৱন্ধক অভিজিৎ বৰা

বৰ্তমান গোলাঘাট আৰক্ষীয়ে ধৃত অভিজিত বৰা আৰু মজেন বসুমতাৰীক গ্ৰেপ্তাৰ কৰি তদন্তৰ অব‍্যাহত ৰাখিছে ৷ অতি শীঘ্ৰে বেংকৰ বিষয়াসহ অভিজিতে ট্ৰেনপিঙত ব্যৱহাৰ কৰা যুৱতী মহিলাও জালত পৰাৰ সম্ভাৱনা গোলাঘাট আৰক্ষীৰ অভিযানত ৷ উল্লেখ্য যে পূৰ্বেতে সুৰাৰ ট্ৰাক চুৰি কৰাকে ধৰি বহু গোচৰত অভিযুক্ত হৈ আছিল ধৃত অভিজিৎ বৰা ৷

আৰু পঢ়কঃবিগত চাৰিবছৰৰ কাম এবছৰত কৰিব বিজেপিয়ে: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.