ETV Bharat / state

শিৱচৰণ দাসৰ নিৰুদ্দেশ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ আটছাৰ - Himanta Biswa Sarma

আজি পৰ্যন্ত সন্ধান ওলোৱা নাই চাহ জনগোষ্ঠীৰ কণ্ঠশিল্পী শিৱচৰণ দাস (Shivcharan Das)ৰ । যোৱা ১৮ মে'ৰ পুৱা প্ৰায় ৫.৩০ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে শিল্পীগৰাকী । এই সন্দৰ্ভত ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (AATSA)ই ।

AATSA SUBMITS MEMORANDUM TO CHIEF MINISTER
শিল্পী শিৱসৰণ দাস সন্ধানহীন
author img

By

Published : Jun 11, 2021, 1:10 PM IST

সৰুপথাৰ, ১১ জুন: চাহ জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা জনগোষ্ঠীটোৰ প্ৰথমজন অনাতাঁৰ শিল্পী শিৱচৰণ দাস (Shivcharan Das)ৰ নিৰুদ্দেশ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (AATSA)ই ।

শুকুৰবাৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মহেশ গোৱলাই ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ক স্মাৰক পত্ৰ প্ৰদান কৰে । পুনৰ শিৱচৰন দাসৰ সন্ধান উলিওৱাৰ বাবে প্ৰশাসনক অভিযান চলাবলৈ নিৰ্দেশ দিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনাইছে সংগঠনটোৱে ।

AATSA SUBMITS MEMORANDUM TO CHIEF MINISTER
শিৱসৰণ দাসৰ নিৰুদ্দেশ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ AATSAৰ

যোৱা ১৮ মে'ৰ পুৱা প্ৰায় ৫.৩০ বজাৰ পৰা ডিব্ৰুগড়ৰ পল্টনবজাৰস্থিত নিজ বাসগৃহৰ পৰা নিৰুদ্দেশ হৈ আছে শিল্পীগৰাকী । স্মাৰক পত্ৰখনত উল্লেখ কৰা মতে, নিৰূদ্দেশ হোৱাৰ দিনা শিৱচৰনে এখন পত্ৰত নিজ পৰিয়ালক উদ্দেশ্য লিখি গৈছে যে, তেওঁ ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহত্যা কৰিব ।

পৰিয়ালৰ লোকে এই বিষয়ে ডিব্ৰুগড় প্ৰশাসনক জনোৱাত প্ৰশাসনে এছ ডি আৰ এফ (SDRF) বাহিনী লগত লৈ ব্ৰহ্মপুত্ৰত এবাৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰে যদিও শিৱচৰণ দাসৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে । সেয়ে, পৰিয়ালৰ লগতে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (AATSA)ই ক্ষোভ প্ৰকাশ কৰে ।

শুকুৰবাৰে আটছা (AATSA)ৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মহেশ্বৰ গোৱলাই পুনৰ শিৱচৰণ দাসৰ সন্ধান উলিওৱাৰ বাবে সংশ্লিষ্ট বিভাগক তদন্ত চলোৱাৰ নিৰ্দেশ দিবলৈ দাবী জনাই মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক:বিশ্বনাথৰ চিকিৎসক আক্ৰমণৰ ঘটনাৰে জড়িত ২ অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.