ETV Bharat / state

মৃণাল শইকীয়াক গ্ৰেপ্তাৰ কৰক সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগেঃ ছাত্ৰ সন্থা

গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ বাবে ওলাই আহিল আৱাল বৃদ্ধ-বণিতা ৷ উচতনিমূলক বক্তব্য প্ৰদান কৰা বিতৰ্কিত বিধায়ক মৃণাল শইকীয়াৰ মগজুৰ বিকৃতি ঘটিছে বুলি উল্লেখ কৰাৰ লগতে বিধায়কজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷

author img

By

Published : Dec 29, 2019, 6:42 PM IST

aasu protest against caa in golaghat
গোলাঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ওলাই আহিল আৱাল বৃদ্ধ বণিতা

গোলাঘাট , 29 ডিচেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আৰু দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ ৷ জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বাতিলৰ দাবীত গোলাঘাট কুৰালগুৰিত ডবা, তাল, উৰুলি দি "জনতাৰ বজ্ৰনিনাদ" কাৰ্যসূচীৰে সংগঠন কেইটাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰে বৃদ্ধা আই-মাতৃসকলে ৷

মৃণাল শইকীয়াক ক্ষুৰধাৰ সমালোচনা আছুৰ

উচতনিমূলক বক্তব্য প্ৰদান কৰা বিতৰ্কিত বিধায়ক মৃণাল শইকীয়াৰ মগজুৰ বিকৃতি ঘটিছে বুলি উল্লেখ কৰাৰ লগতে উচতনিমূলক বক্তব্য প্ৰদান বাবে বিধায়কজনক শীঘ্ৰে গ্ৰেপ্তাৰৰো দাবী উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ বিধায়ক মৃণাল শইকীয়াই ছাত্ৰ সন্থা কৰি থকা অৱস্থাত "সূৰ্য তেজৰ অন্য এট নাম" নামৰ বোলছবিখন নিৰ্মাণ কৰাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছিল আৰু তেওঁক মুকলি কৰিবৰ বাবে ছাত্র সন্থাই আন্দোলন কৰিব লগা হৈছিল ।

গোলাঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ওলাই আহিল আৱাল বৃদ্ধ বণিতা

বিধায়ক মৃণাল শইকীয়াক অতীতক পাহৰি নাযাবলৈ আহ্বান জনায় আছু নেতা মনোৱাৰ হুছেইনে । লগতে, মৃণাল শইকীয়া আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে গোলাঘাটৰ বিজুলী বনাঞ্চল কাটি ধ্বংস কৰাৰো অভিযোগ উত্থাপন কৰে আছু নেতাগৰাকীয়ে । প্ৰতিবাদী কাৰ্যসূচীত কন্ঠশিল্পী নীল আকাশ দাসে অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনায় ।

লগতে পঢ়কঃনলবাৰীত খিলঞ্জীয়াৰ গণ হু‌ংকাৰ

Intro:গোলাঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ । সদৌ অসম ছাত্ৰ সন্থা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত দেৰগাঁৱ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত এই প্ৰতিবাদ। জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বাতিলৰ দাবীত গোলাঘাট কুৰালগুৰিত ডবা ,তাল, উৰুলি দি জনতাৰ বজ্ৰনিনাদ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত । কা আমি নামানো ,কা আমি নাজানো , সৰ্বানন্দ লাজ নাই , নৰেন্দ্ৰ মোডী হায় হায় , সৰ্বানন্দ হুচিয়াৰ , নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আদি শ্লগানেৰে উত্তাল কৰি তোলে পৰিবেশ । প্ৰতিবাদকাৰী আই মাতৃ সকলে হাতে হাতে প্লেকাৰ্ড লৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । উচতনিমুলক বক্তব্য প্ৰদান কৰা বিতৰ্কিত বিধায়ক মৃণাল শইকীয়া গ্ৰেপ্তাৰ দাবী জনায় আছু নেতৃত্বই । বিধায়ক মৃণাল শইকীয়াই ছাত্ৰ সন্থা কৰি থকা অৱস্থাত সূৰ্য তেজৰ অন্য এট নাম বোলছবি নিৰ্মাণ কৰাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছিল আৰু তেওঁক মুকলি কৰিবৰ বাবে ছাত্র সন্থাই আন্দোলন কৰিব লগা হৈছিল । বিধায়ক মৃণাল শইকীয়া অতীতক পাহৰি নাযাবলৈ আহ্বান আছু নেতা মনোৱাৰ হুছেইনৰ । মৃণাল শইকীয়াই আৰু তেওঁৰ সাংগ পাংগোয়ে গোলাঘাটৰ বিজুলী বনাঞ্চল কাটি ধ্বংস কৰাৰ অভিযোগ মৃণাল শইকীয়াৰ বিৰুদ্ধে । প্ৰতিবাদী কাৰ্যসূচীত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশ দাসে অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনায় ।

Body:Byte 1 : মনোৱাৰ হুছেইন
Byte 2: অভিৱৰ্তন গোস্বামীConclusion:গোলাঘাট পৰা চামিম আলি ,etv Bharat ,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.