গোলাঘাট, 4 জানুৱাৰী: বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ শেহতীয়া কামকাজক লৈ সন্তুষ্ট নহয় আছু ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই(AASU General Secretary Sankar Jyoti Baruah) গোলাঘাটত উদযাপিত হ’বলগীয়া কেন্দ্ৰীয় শিল্পী দিৱসৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আজি অৰ্থাৎ বুধবাৰে গোলাঘাটত উপস্থিত হয় ৷ আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকী গোলাঘাট জিলা আছুৰ কাৰ্যালয়ত সাংবাদিকৰে হোৱা এক সাক্ষাৎকালত চৰকাৰখনৰ শেহতীয়া কেইবাটাও কামকাজক লৈ অসন্তুষ্টি ব্যক্ত কৰে(AASU General Secretary Sankar Jyoti Baruah in Golaghat) ।
মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ জিলা বিলুপ্তকৰণৰ সন্দৰ্ভত লোৱা বিষয়ৰ পৰা আছুক আঁতৰি থাকিবলৈ কৰা মন্তব্যতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকী । জিলা বিলুপ্তকৰণৰ সন্দৰ্ভত আছুৰ সৈতে চৰকাৰৰ কোনোধৰণৰ আলোচনা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে মিছা মাতিছে বুলি জানিবলৈ দিয়ে ।
তেওঁ চৰকাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি জনায় যদিও জিলা কৰ্তন কৰা বিষয়টো কোনোমতেই গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে(Delimitation in Assam) ৷ জিলা কৰ্তন নকৰাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ মডেলিটি চৰকাৰৰ ওচৰত আছিল বুলি মন্তব্য কৰি তেওঁ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব বিচৰা লোকৰ লগত আলোচনা কৰি এই বিষয়টো আগুৱাই নিয়াৰ বাবে চৰকাৰক আহ্বান জনায় ৷
তদুপৰি খিলজ্ঞীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কথা ভাবিলে এইটো এটা নাভূত নাশ্ৰুত কথা বুলি তেওঁ মন্তব্য কৰে ৷ তেওঁ জিলা কৰ্তন কৰা বিষয়টো পুনৰ বিবেচনা কৰাৰ লগতে এই সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷ তেওঁ লগতে পুনৰ জিলাকেইখনৰ মৰ্যদা ঘূৰাই দিয়াৰ লগতে এই বিষয়টো সকলোৰে লগত আলোচনা কৰিহে মডেলিটি তৈয়াৰ কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷
ইফালে চৰকাৰখনে মাহে মাহে বিদ্যুৎ মাচুল বৃদ্ধি কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ চৰকাৰখনে ঘাটি বাজেট পূৰাবলৈ সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ সোধাই বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ অভিযোগ কৰি তেওঁ চৰকাৰৰ এই কাৰ্যক আছুৱে কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰি দিয়ে । ইফালে আজি তিনিটাকৈ যি ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা আগবঢ়ালে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিসকলকলৈ এই সন্দৰ্ভত আদৰণি জনায় আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।
লগতে পঢ়ক : Protests against corruption: হাতত ঝাড়ু লৈ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ শংকৰজ্যোতি বৰুৱাৰ