ETV Bharat / state

চিকিৎসা অবিহনে মৃত্যুক আঁকোৱালি ল'লে বেনত বঞ্চিত শিক্ষকে

আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসা কৰিব নোৱাৰাৰ ফলত মৃত্যুক সাৱটি ল'লে সুদীৰ্ঘ 27 বছৰে বিনা বেতনে শিক্ষাদান কৰি অহা খুমটাইৰ এগৰাকী শিক্ষকে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত বিনা বেতনে নিজৰ সৰ্বস্ব ত্যাগ কৰি অহা এনে শিক্ষকসকলৰ ওপৰত সু-দৃষ্টি পৰিবনে অসম চৰকাৰৰ ?

মৃত্যুক আঁকোৱালি ল'লে এগৰাকী শিক্ষকে
মৃত্যুক আঁকোৱালি ল'লে এগৰাকী শিক্ষকে
author img

By

Published : Aug 6, 2020, 6:55 PM IST

খুমটাই, 5 আগষ্ট: সুদীৰ্ঘ 27 বছৰে বিনা বেতনে জ্ঞানৰ জেউতি বিলাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এগৰাকী শিক্ষকে ৷ খুমটাইৰ শাঁওতলীৰ বিশিষ্ট সমাজ কৰ্মী তথা শিক্ষক ইনাৰাম কুৰ্মীয়ে আৰ্থিক অভাৱৰ বাবে চিকিৎসা কৰি নোৱাৰাৰ বাবেই, অৱশেষত হাৰ মানিলে মৃত্যুৰ ওচৰত ৷ বৃহত্তৰ চাহ জনজাতি অধ্যুষিত অঞ্চল শাঁওতলীৰ শিক্ষাৰ কেন্দ্ৰস্বৰূপ, শাঁওতলী পুৰণিমাটি চাহ বাগিচা মধ্য ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা হোৱা দিনৰে পৰাই, বিনা বেতনে সেৱা আগবঢ়াই আহিছিল সদ্য প্ৰয়াত শিক্ষকগৰাকীয়ে ৷

উন্নত চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি ল'লে এগৰাকী শিক্ষকে

১৯৯৩ চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খন ২০০৫ চনত চৰকাৰে স্বীকৃতি প্ৰদান কৰিছিল যদিও, আজি পৰ্যন্ত প্ৰাদেশিকীকৰণ নহ'ল বিদ্যালয় খন ৷ নিজৰ সমগ্ৰ জীৱনত শিক্ষাৰ পোহৰ বিলাই যোৱা শিক্ষকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰা দিন পৰ্যন্ত নাপালে চৰকাৰৰ পৰা কোনো প্ৰাপ্য ধন ৷ যাৰ বাবে উন্নত চিকিৎসাৰ অভাৱত তেওঁ অৱশেষত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় ৷ বিগত দুটা বছৰে গুৰুতৰভাৱে অসুস্থ হৈ আছিল শিক্ষকগৰাকী ৷ শিক্ষকগৰাকীৰ মৃত্যুত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে তেওঁৰ প্ৰাক্তন শিক্ষাৰ্থী সকলে ৷

সকলো বিনা বেতনে কাম কৰা শিক্ষকৰ ক্ষেত্ৰত চৰকাৰে বিহীত ব্যৱস্থা কৰিব লাগে বুলি আহ্বান জনায় তেওঁৰ ছাত্ৰ সকলে ৷ এনে নকৰিলে অনাগত দিনবোৰতো বহু শিক্ষক এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব বুলি উল্লেখ কৰে তেওঁলোকে ৷ লগতে সদ্যপ্ৰয়াত শিক্ষক গৰাকীৰ পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰিবলৈয়ো চৰকাৰক আহ্বান জনায় ক্ষুব্ধ প্ৰাক্তন শিক্ষাৰ্থী সকলে ৷

উল্লেখ্য যে, অজস্ৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ পোহৰ বিলোৱা শিক্ষকগৰাকীৰ নিজ কন্যাই আৰ্থিক অনাটনৰ বাবে, স্নাতক 2য় ষান্মাসিকত আধাতে সামৰিবলগীয়া হয় নিজৰ শিক্ষা জীৱন ৷ শিক্ষকগৰাকীৰ মৃত্যুৰ পাচত এতিয়া অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে তেওঁৰ পত্নী, কন্যা আৰু ৫ বছৰীয়া এটি পুত্ৰ সন্তানেৰে ভৰা পৰিয়ালটো ৷

লগতে পঢ়ক: নতুন শিক্ষা নীতি ৰূপায়নৰ পূৰ্বে বড়ো মাধ্যমৰ সমস্য়া সমাধানৰ দাবী এবছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.