ETV Bharat / state

এজন আৰক্ষীৰ বিষয়াৰ ত্ৰাসত ত্ৰস্তমান মেৰাপানী বাসী - অসম-নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানী

সামান্য অজুহাততে দাবীকৰা ধন নাপালে সৰ্বসাধাৰণক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে মেৰাপানীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল জলিলৰ বিৰুদ্ধে । সুনীল বৰা নামৰ এজন ব্যক্তি মেৰাপানী থানাৰ আৰক্ষী বিষয়া গৰাকীৰ অত্যাচাৰৰ বলি হৈছে ।

police officer
police officer
author img

By

Published : Aug 13, 2020, 10:12 PM IST

গোলাঘাট, 13 আগষ্ট : কৰ'ণা সন্ত্ৰাসৰ সমান্তৰালভাৱে এইবাৰ মেৰাপানীত চলিছে আৰক্ষীৰ অত্যাচাৰ । অসম-নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীত কৰ'ণাতংকৰ গইনা লৈ এজন আৰক্ষী বিষয়াই ব্যতিব্যস্ত কৰি তুলিছে অঞ্চলবাসীৰ জনজীৱন। মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল জলিলৰ ত্ৰাসত এতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় খাইছে অঞ্চলবাসীয়ে ।

সামান্য অজুহাততে ধনদাবী কৰি ধন নাপালে সৰ্বসাধাৰণক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে মেৰাপানীৰ অ'চি আব্দুল জলিলৰ বিৰুদ্ধে । সুনীল বৰা নামৰ এজন ব্যক্তি অত্যাচাৰৰ বলি হ'ল মেৰাপানীৰ অ'চিৰ দ্বাৰা । মেৰাপানীৰ মেৰাদলং অঞ্চলৰ ব্যক্তিজন এতিয়াও ভালদৰে খোজকাঢ়িবলৈও অসমৰ্থ । অভিযোগ উঠিছে যে, অ'চি আব্দুল জলিলৰ শাৰীৰিক অত্যাচাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ব্যক্তিজন । মেৰাপানীৰ পৰা ঘৰ অভিমুখে আহি থকা অৱস্থাত সম্পূৰ্ণ নথিপত্ৰ থকাৰ পাচতো বৰাৰ বাইকখন থানাৰ সন্মুখত জব্দ কৰি ৰাখে অ'চি আব্দুল জলিলে ।

এজন আৰক্ষীৰ বিষয়াৰ ত্ৰাসত ত্ৰস্তমান মেৰাপানী বাসী

কেৱল বাইক জব্দ কৰাতেই ক্ষান্ত নাথাকি কোনো কাৰণ নোহোৱাকৈ লাঠিৰে প্ৰহাৰ কৰে সুনীল বৰাৰ লগতে আন একাংশ লোকক । এতিয়া প্ৰশ্ন উদয় হৈছে, অসম আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে, নে আৰক্ষীৰ এই জংঘলৰাজ অৱ্যাহত থাকিব মেৰাপানী সীমান্তত ।

লগতে পঢ়ক : এবছৰ সম্পূৰ্ণ নহওতেই বানত উটি গ'ল কোটি টকীয়া জিঅ' বেগৰ মথাউৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.