ETV Bharat / state

এলাহাবাদৰ নাছিম খানক কেন্দ্ৰ কৰি গোলাঘাটত আতংক - A man from Uttar pradesh detained at Golaghat

অচিনাক্ত ব্যক্তিজন উত্তৰ প্ৰদেশৰ এলাহাবাদৰ নাছিম খান বুলি চিণাক্ত কৰিছে প্ৰশাসনে ৷ ফৰকাটিঙৰ পৰা প্ৰশাসনে উদ্ধাৰ কৰি নাছিমক লৈ যায় গোলাঘাট ফৰকাটিং কলেজ কোৱাৰেইন্টাইন চেন্টাৰলৈ।

A man from Uttar pradesh detained at Golaghat
লক ডাউনৰ মাজতে বহিঃৰাজ্যৰ লোক উদ্ধাৰক লৈ গোলাঘাটত আতংক
author img

By

Published : Jun 1, 2020, 12:34 PM IST

গোলাঘাট, 1 জুন: ৰাজ্যজুৰি অব্যাহত থকা কৰ'ণা আতংকৰ মাজতেই বহিঃৰাজ্যৰ পৰা অহা এজন লোকক লৈ গোলাঘাটৰ ফৰকাটিং ৰেল জংচনৰ সমীপত আতংক ৷ দেওবাৰে গোলাঘাট ফৰকাটিং ৰেল জংচনৰ সমীপত অস্বাভাৱিক ভাৱে ঘূৰি ফুৰা অৱস্থাত উদ্ধাৰ কৰে এজন অচিনাক্ত ব্যক্তিক ৷ ব্যক্তিজনৰ ওপৰত সন্দেহ ওপজাত প্ৰশাসনক খবৰ দিয়ে স্থানীয় সচেতন লোকে ৷ ইয়াৰ পাছতে গোলাঘাট প্ৰশাসনে তাৎক্ষণিকভাৱে উদ্ধাৰ কৰে অচিনাক্ত ব্যক্তি জনক । অচিনাক্ত ব্যক্তিজন উত্তৰ প্ৰদেশৰ এলাহাবাদৰ নাছিম খান বুলি চিণাক্ত কৰিছে প্ৰশাসনে ৷

লক ডাউনৰ মাজতে বহিঃৰাজ্যৰ লোক উদ্ধাৰক লৈ গোলাঘাটত আতংক

ব্যক্তি জনে জনোৱা অনুসৰি, এলাহাবাদৰ পৰা গোলঘাট ফৰকাটিঙলৈ পিয়াঁজ কঢ়িওৱা গাড়ীত আহিছিল নাছিম খান । গাড়ীখনৰ চালকজনৰ সহকৰ্মী আছিল নাছিম খান। ফৰকাটিঙত গাড়ীৰ চালকৰ লগত হোৱা কাজিয়াৰ বাবেই গাড়ী চালকে এৰি থৈ যায় নাছিমক। উপায়ন্তৰ হৈ নাছিম খানে ঘূৰি ফুৰিছিল ফৰকাটিং অঞ্চলত । ফৰকাটিঙৰ পৰা প্ৰশাসনে উদ্ধাৰ কৰি নাছিমক লৈ যায় গোলাঘাট ফৰকাটিং কলেজ কোৱাৰেইন্টাইন চেন্টাৰলৈ । ইতিমধ্য নাছিমৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে জিলা প্ৰশাসনে ৷ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিলে নাছিমক নিজ ৰাজ্যলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব গোলাঘাট প্ৰশাসনে ৷

লগতে পঢ়কঃ হস্তী-মানৱ সংঘাত : চামগুৰিত জ্বলিল বন বিভাগৰ কাৰ্যালয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.