ETV Bharat / state

প্ৰাণৰ মমতাত উলংগ হৈ ৰাজপথলৈ ওলাই আহিল শিশুঃ ঘটনাটো অসমৰে - ৬বছৰীয়া কণমাণিক উপৰ্যুপৰি আক্ৰমণ গোলাঘাটত

উপায়ন্তৰ হৈ শিশুটিয়ে উলংগ শৰীৰেৰে নিজামুদ্দিনৰ ঘৰৰ পৰা পলায়নৰ চেষ্টা কৰে ৷ উলংগ অৱস্থাৰে ধোদৰ আলিৰে শিশুটি গৈ থকাৰ সময়ত শালমিৰাটুপৰৰ স্থানীয় যুৱকে শিশুটিক প্ৰত্যক্ষ কৰি সমগ্ৰ ঘটনাৰ বুজ লয় । লগে লগে স্থানীয় যুৱকজনে গোলাঘাট আৰক্ষীক খবৰ দিয়াত গোলাঘাট আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ কৰে ৷

6 years Child harassed by Golaghat family
গোলাঘাট
author img

By

Published : Aug 25, 2020, 3:07 PM IST

গোলাঘাট, 25 আগষ্টঃ সভ্যতাৰ জখলাত মানুহ যিমানে আগবাঢ়ি গৈছে সিমানে মানুহৰ মাজত মানৱীয় প্রমূল্যবোধৰ অৱক্ষয় ঘটিছে ৷ প্রকৃতার্থত বস্তুবাদী ধ্যান-ধাৰণাৰে পৰিচালিত হৈছে বর্তমানৰ সমাজ ৷ ধন-সম্পত্তি, ঐশ্বর্য আহৰণত ব্যস্ত মানুহ ৷ ফলশ্ৰুতিত ব্যস্ততাময় জীৱনৰ মাজত মানৱতাবোধ পাহৰি গৈছে একাংশ দানৱৰূপী মনুষ্যই ৷ গোলাঘাটত এনে একাংশ লোকে সংঘটিত কৰিছে মানৱতাক লজ্জিত কৰা এক ঘটনা ৷

লগতে পঢ়কঃ তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

জানিব পৰা মতে, জিলাখনৰ অন্তৰ্গত শালমৰাৰ বাসিন্দা নিজামুদ্দিন আহমেদ নামৰ লোকজনে ৬ মাহ পূৰ্বে বনকৰা হিচাপে প্ৰায় ৬ বছৰীয়া এটি শিশুক ঘৰলৈ আনে ৷ পিতৃ মাতৃৰ বিয়োগৰ পাছত অকলশৰীয়া হৈ পৰিছিল তিতাবৰ বৰহোলা চাহ বাগিচাৰ শিশুটি । এই সুযোগতে নিজামুদ্দিন আহমেদৰ পৰিয়ালে বনকৰা ছোৱালী হিচাপে লৈ আনিছিল কণমানি জনীক ৷ অনা দিন ধৰি শিশুটিৰ ওপৰত অকথ্য নিৰ্যাটন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰায়ে নিজামুদ্দিনৰ পৰিয়ালৰ অন্য সদস্যৰ লগতে পত্নী ৰানীয়ে নিষ্পাপ শিশুটিক কাগজ পুৰি, কটাৰী পুৰি, চুৰীৰে আঘাত কৰা বুলি অভিযোগ কৰে শিশুটিয়ে ৷

গোলাঘাট

উপায়ন্তৰ হৈ শিশুটিয়ে উলংগ শৰীৰেৰে নিজামুদ্দিনৰ ঘৰৰ পৰা পলায়নৰ চেষ্টা কৰে ৷ উলংগ অৱস্থাৰে ধোদৰ আলিৰে শিশুটি গৈ থকাৰ সময়ত শালমিৰাটুপৰ স্থানীয় যুৱকে শিশুটিক প্ৰত্যক্ষ কৰি সমগ্ৰ ঘটনাৰ বুজ লয় । লগে লগে স্থানীয় যুৱকজনে গোলাঘাট আৰক্ষীক খবৰ দিয়াত গোলাঘাট আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰে ৷ লগতে উক্ত পৰিয়ালটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে । স্থানীয় লোকৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে পৰিয়ালটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । নিশাই গোলাঘাট আৰক্ষীয়ে নিজামুদ্দিন পত্নী ৰানীক আটক কৰে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.