ETV Bharat / state

ৰোগীৰ খবৰ লৈ অহা ৬ গৰাকী লোকৰ দেহত COVID-19

author img

By

Published : Jun 22, 2020, 6:44 PM IST

পুনৰ গোলাঘাট নাৰ্চিং হোমত ৰোগীৰ খবৰ লৈ অহা ৬ গৰাকীকৈ লোক আক্ৰান্ত হৈছে COVID-19ত ৷ সোমবাৰৰ দিনটোৰ জিলাখনত ১৫ গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷

6 more covid-19 positive in golaghat
6 more covid-19 positive in golaghat

গোলাঘাট, 22 জুনঃ গোলাঘাট নাৰ্চিং হোমত ৰোগীৰ খবৰ লৈ অহা ৬ গৰাকীকৈ লোক আক্ৰান্ত হৈছে COVID-19ত ৷ কোৱাৰেণ্টাইনত থকাৰ পিচত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত COVID পৰীক্ষাৰ বাবে স্বাৱ সংগ্ৰহ কৰিছিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা নিয়োজিত দুগৰাকীকৈ লেৱৰেটৰী টেকনিচিয়ানে ৷ পৰৱৰ্তী সময়ত তেওঁলোকে গোলাঘাট নাৰ্টিং হোমতো 13 জুনলৈকে গোপনে কাম কৰি আছিল বুলি জানিব পৰা গৈছে ৷

গোলাঘাট নাৰ্চিং হোমত ৰোগীৰ খবৰ লৈ অহা ৬ গৰাকী লোক আক্ৰান্ত COVID-19ত

14 জুনত দুয়োগৰাকী টেকনিচিয়ানৰ দেহত ধৰা পৰিছিল COVID-19ৰ অৱস্থিতি ৷ নাৰ্চিং হোমখনৰ সকলো কৰ্মকৰ্তাকে ধৰি ৰোগী চাবলৈ যোৱা লোকসকলৰ স্বাৱ সংগ্ৰহ কৰাৰ লগতে, হোম কোৱাৰেণ্টাইন কৰোৱা হৈছিল ৷ তাৰ কেইদিনমান পিচতে ৫ গৰাকী লোক দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰাৰ পিচতে, শেহতীয়াকৈ ৬ গৰাকী হোম কোৱাৰেণ্টাইনত থকা লোকৰ দেহতো ধৰা পৰে COVID-19 ৷ সম্প্ৰতি জিলা প্ৰশাসনৰ লোকে নাৰ্চিং হোমখন সম্পূৰ্ণ 48 ঘন্টাৰ বাবে ছীল কৰি দিছে ৷ আনহাতে সোমবাৰৰ দিনটোৰ জিলাখনত ১৫ গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷

লগতে পঢ়কঃ ৰঙাপৰাত চৰকাৰী নিৰ্দেশনা উলংঘনৰ অভিযোগ ব্যৱসায়ীৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.