গোলাঘাট,16 জানুৱাৰী: সমগ্ৰ দেশতে শনিবাৰৰ পৰা আৰম্ভ হোৱা ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযানৰ অংশ হিচাপে শনিবাৰৰ দিনটোত গোলাঘাটত 200 গৰাকী ক'ভিড যোদ্ধাক প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ প্ৰথম পৰ্যায়ৰ অংশ হিচাপে গোলাঘাটত মুঠ 200 গৰাকী বিষয়া, চিকিৎসক আৰু কৰ্মচাৰীক সামৰি প্ৰতিষেধক প্ৰদান কৰা হয় ৷
![200 covid warriors vaccinated in golaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10264050_image_golaghat.jpg)
জিলাখনৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু বোকাখাত মহকুমাৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত শনিবাৰে এইসকল ক'ভিড যোদ্ধাক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ গোলাঘাট জিলাৰ এই প্ৰতিষেধক প্ৰদান অনুষ্ঠানত জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডী উপস্থিত হৈ সকলোকে অনুপ্ৰেৰণা যোগায় ৷
লগতে পঢ়ক: যোৰহাটত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ