গোলাঘাট , 12 মাৰ্চ : গোলাঘাট আৰক্ষীৰ হাতত কৰায়ক্ত গোলাঘাটৰ সুৰা ট্ৰেজেদিৰ অন্যতম অভিযুক্ত নৃপেন ঠেঙাল ওৰফে মাইনা । দীৰ্ঘদিনৰ পৰা নৃপেন ঠেঙালে চুলাই মদ প্ৰস্তুত কৰোতে ব্যৱহাৰ হোৱা স্পীৰিত বিক্ৰী কৰি আহিছিল বুলি প্ৰকাশ গোলাঘাট আৰক্ষীৰ ।
উল্লেখযোগ্য যে , গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত চুলাই সেৱন কৰি মৃত্যুমুখত পৰিছিল ডেৰ শতাধিক লোক । এই সন্দৰ্ভত মিঠানল মিশ্ৰিত বিষাক্ত চুলাই মদ সেৱন কৰিয়ে মৃত্যু হোৱা বুলি জনাইছিল কিছুসংখ্যক চিকিৎসকে । এই পৰ্যন্ত বহুকেইজন লালীগুৰ আৰু চুলাই মদ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে গোলাঘাট আৰক্ষীয়ে ।