ETV Bharat / state

বকোত মৰেল পুলিচৰ তাণ্ডৱ - etv bharat assam

বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে এগৰাকী মহিলাক মাৰধৰ একাংশ মহিলাৰ

বকোত মহিলাক মাৰধৰ
author img

By

Published : Mar 21, 2019, 12:29 PM IST

গোৱালপাৰা,21 মাৰ্চ: বকোত মৰেল পুলিচিঙৰ তাণ্ডৱ ৷ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে মহিলাগৰাকীক মাৰধৰ গাঁৱৰ একাংশ মহিলাৰ ৷

এগৰাকী মহিলাক লৈ বকোত উত্তপ্ত পৰিস্থিতি ৷ বকোৰ যোগীপাৰাৰ এগৰাকী মহিলাই পৰপুৰুষৰ লগত পলাই গৈ প্ৰায় 6 মাহ পাচত পুনৰ স্বামীগৃহত উপস্থিত হোৱাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

বকোত মহিলাক মাৰধৰ

এবাৰ,দুবাৰ নহয়, তিনিবাৰকৈ পৰপুৰুষৰ লগত মহিলা গৰাকী পলাই গৈছিল বুলি অভিযোগ উত্থাপন কৰে গাঁৱৰ একাংশ মহিলাই ৷ গাঁওবাসীৰ সন্মুখতে অভিযুক্ত মহিলাগৰাকীক চৰ-ভুকু সোধালে একাংশ মহিলাই ৷ সেয়েহে মহিলাগৰাকীক গাঁৱৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয় গাঁওবাসীয়ে ।

স্বয়ম্ভূ বিচাৰপতিৰ ভূমিকা লৈ শাস্তি বিহিলে মহিলা গৰাকীক । কেৱল এয়াই নহয়, অভিযুক্ত মহিলাগৰাকীক কেৰাচিন ঢালি জ্বলাই দিয়াৰো ভাবুকি দিয়ে এগৰাকী মহিলাই । লগতে নিশাই সন্তান আৰু স্বামী সহ মহিলা গৰাকীক গতাই দিয়ে মন্দিৰা আৰক্ষীক।

Slug : Nagarbera = Moral Policing.... vis byte send FTP.21/03/19

Anchor : এগৰাকী মহিলাক লৈ বুধবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বকোৰ যোগীপাৰাত। ৰণচণ্ডী একাংশ মহিলাই আকৌ মৰেল পুলিচৰ ভূমিকা লৈ মহিলা গৰাকীক চৰ ভুকু সোধায়। নিশা কিয় এই পৰিস্থিতিৰ সৃষ্টি হয় যোগীপাৰা গাঁওত?? চাওক এই সন্দর্ভত আমাৰ এক প্ৰতিবেদন ।

V. O : এগৰাকী মহিলাৰ অপকৰ্মক কেন্দ্ৰ কৰি বকোৰ যোগীপাৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা । বকোৰ যোগীপাৰা এগৰাকী মহিলাই পৰপুৰুষৰ লগত পলাই গৈ প্ৰায় ৬ মাহ পিছত পুনৰ স্বামী গৃহত উপস্থিত হোৱাত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । গাঁওৰ একাংশ মহিলাৰ মতে এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ পৰপুৰুষৰ লগত পলাই গৈছিল মহিলা গৰাকী। গতিকে গাঁওবাসীয়ে গাঁওত নাৰাখে মহিলা গৰাকীক। গাঁওত সোমালে কেৰাচিন ঢালি জ্বলাই দিয়াৰ ভাবুকিও দিলে এগৰাকী মহিলাই।

V. O : মানুহ জীৱশ্ৰেষ্ঠ...। কিন্তু বকোৰ যোগীপাৰাত বুধবাৰে নিশা সেয়া দেখা নগল। সভ্য সমাজখনৰ একাংশ সভ্য মহিলাই নিজেই কৰিলে অসভ্যালি। মৰেল পুলিচৰ ভুমিকাত অৱতীৰ্ণ হৈ শতাধিক পুৰুষ মহিলাৰ সন্মুখতে চৰ ভুকু সোধালে অভিযুক্ত মহিলা গৰাকীক। স্বয়ম্ভূ বিচাৰপতিৰ ভুমিকা লৈ শাস্তি বিহিলে মহিলা গৰাকীক। কেৱল এয়াই নহয়, এগৰাকী মহিলাই অভিযুক্ত মহিলা গৰাকীক কেৰাচিন ঢালি জ্বলাই দিয়াৰো ভাবুকি দিলে। নিশাই সন্তান আৰু স্বামী সহ মহিলা গৰাকীক গতাই দিয়ে মন্দিৰা আৰক্ষীক। কিন্তু এই অসহায় মহিলা গৰাকী কলৈ যাব?? দুটাকৈ সন্তানক লৈ কলৈ যাব মহিলা গৰাকী?? নিজৰ ভুলৰ প্ৰায়চিত্তও কৰিব দিয়া নহল। ইয়াৰ পৰিৱৰ্তে তথাকথিত সমাজ সেৱক এই মহিলা সকলে অভিযুক্ত মহিলা গৰাকীক ভাল কৰাৰ দায়িত্ব কিয় নললে?? এয়াই আধুনিক সমাজ ব্যৱস্থাৰ প্ৰভুত্ববাদ নেকি?? সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া হব লক্ষনীয় ।
                             Byte : গাঁৱৰ মহিলা ।
             গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.