পশ্চিম গোৱালপাৰা : ২ আগষ্ট : শেষ হ'ল গৰমৰ বন্ধ । অধিকাংশ বিদ্যালয়ত আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া । কিন্তু বৰ্তমানেও পানীৰ তলত একাংশ বিদ্যালয় । যাৰ বাবে পানী সিঁচি বিদ্যালয় কতৃপক্ষই পাঠদান অব্যাহত ৰখাৰ চেষ্টা । লক্ষীপুৰ শিক্ষা খণ্ডৰ অধীনস্থ পাচিলা গাঁও প্ৰাথমিক বিদ্যালয় চৌহদত এতিয়াও কঁকালকৈ পানী । যাৰ বাবে পাঠদানৰ সলনি বিদ্যালয় চৌহদত পানীৰ লগত খেলিছে ছাত্ৰ ছাত্ৰীয়ে ৷ মাছ মাৰি,গা ধুই আনন্দ কণ কণ ছাত্ৰ ছাত্ৰীৰ । বিদ্যালয় চৌহদত মাটি নেপেলোৱা বাবেই বিদ্যালয়ৰখনৰ এই অৱস্থা বুলি মন্তব্য স্থানীয়ৰ । ফলত বিদ্যালয় থাকিও পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হৈছে ছাত্ৰ ছাত্ৰী । ইপিনে এটা কোঠাতেই পাঁচটাকৈ শ্ৰেণীৰ পাঠদান কৰি আহিছে বিদ্যালয় কতৃপক্ষই । চৰকাৰী বিদ্যালয়ৰ এই অৱস্থাই প্ৰকৃত স্বৰূপ উদঙাই দিছে শিক্ষা বিভাগৰ ৷
পঠদান নহয়! মাছ মাৰি, গা ধুই আনন্দ ছাত্ৰ-ছাত্ৰীৰ - পশ্চিম গোৱালপাৰা
যাৰ বাবে পানী সিঁচি বিদ্যালয় কতৃপক্ষই পাঠদান অব্যাহত ৰখাৰ চেষ্টা । লক্ষীপুৰ শিক্ষা খণ্ডৰ অধীনস্থ পাচিলা গাঁও প্ৰাথমিক বিদ্যালয় চৌহদত এতিয়াও কঁকালকৈ পানী
পশ্চিম গোৱালপাৰা : ২ আগষ্ট : শেষ হ'ল গৰমৰ বন্ধ । অধিকাংশ বিদ্যালয়ত আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া । কিন্তু বৰ্তমানেও পানীৰ তলত একাংশ বিদ্যালয় । যাৰ বাবে পানী সিঁচি বিদ্যালয় কতৃপক্ষই পাঠদান অব্যাহত ৰখাৰ চেষ্টা । লক্ষীপুৰ শিক্ষা খণ্ডৰ অধীনস্থ পাচিলা গাঁও প্ৰাথমিক বিদ্যালয় চৌহদত এতিয়াও কঁকালকৈ পানী । যাৰ বাবে পাঠদানৰ সলনি বিদ্যালয় চৌহদত পানীৰ লগত খেলিছে ছাত্ৰ ছাত্ৰীয়ে ৷ মাছ মাৰি,গা ধুই আনন্দ কণ কণ ছাত্ৰ ছাত্ৰীৰ । বিদ্যালয় চৌহদত মাটি নেপেলোৱা বাবেই বিদ্যালয়ৰখনৰ এই অৱস্থা বুলি মন্তব্য স্থানীয়ৰ । ফলত বিদ্যালয় থাকিও পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হৈছে ছাত্ৰ ছাত্ৰী । ইপিনে এটা কোঠাতেই পাঁচটাকৈ শ্ৰেণীৰ পাঠদান কৰি আহিছে বিদ্যালয় কতৃপক্ষই । চৰকাৰী বিদ্যালয়ৰ এই অৱস্থাই প্ৰকৃত স্বৰূপ উদঙাই দিছে শিক্ষা বিভাগৰ ৷
পশ্চিম গোৱালপাৰা ।