ETV Bharat / state

মধ্যভোগীৰ চৰম প্ৰতাৰণাৰ বলি কৃষক : পাচলিৰ উচিত মূল্য নাপায় বিপদত ৰাজ্যৰ কৃষক - পাচলিৰ উচিত বজাৰ মূল্য

হোৰা হোৰে কমিছে পাচলিৰ মূল্য। অনিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাৰ বাবেই এনে অৱস্থা। হাহাকাৰ কৰিছে কৃষক সকল । বজাৰৰ পৰা ক্ৰয় কৰা পাচলি গুৱাহাটীকে ধৰি ৰাজ্যৰ অন্যান্য বজাৰ সমূহলৈ লৈ গৈ প্ৰায় প্ৰতি কেজি বেঙেনা ৩৫ ৰ পৰা ৫০ টকা, বিলাহী ৭০ৰ পৰা ৯০ টকা, ফুলকবি ৫০ৰ পৰা ৬০ টকাকৈ বিক্ৰী কৰা হয়।

গোৱালপাৰা
পাচলিৰ উচিত মূল্য নাপাই বিপদত কৃষকসমাজ
author img

By

Published : Dec 5, 2019, 7:27 PM IST

গোৱালপাৰা, 5 ডিচেম্বৰ: এফালে পিয়াঁজৰ মূল্যই চেঞ্চুৰী পাৰ কৰিছে। আনফালে উৎপাদিত পাচলিৰ উচিত বজাৰ মূল্য নাপাই মূৰে কপালে হাত দিছে কৃষকসকলে । নামনি অসমৰ গোৱালপাৰাৰ নৱাগত শিমলীতোলা বজাৰত বিক্ৰীৰ বাবে অনা পাচলিৰ উচিত বজাৰ মূল্য নাপাই বিপদত পৰিছে কৃষকসকল। কৃষকৰ ভাষ্য অনুসৰি বজাৰখনত নিতৌ কৃষকসকলে হাজাৰ হাজাৰ কুইন্টল বেঙেনা, কবি, গাজৰ, বিলাহী, জলকীয়া, মূলা বিক্ৰীৰ বাবে আনে । বিশেষকৈ বজাৰত অহা অধিকাংশ পাচলি আহে দক্ষিণ বৰপেটাৰ পৰা। কিন্তু বিগত সপ্তাহত পাচলিৰ বজাৰ মূল্য অত্যাধিক হ্ৰাস হোৱাত লোকচানৰ সন্মুখীন হৈছে কৃষক সকল।

লগতে পঢ়ক: চল্লিশটা বছৰে পদে পদে ঠগ খাই অহা অসমীয়া জাতি

বজাৰখনত প্ৰতি কুইন্টল বেঙেনা ৫০০ টকা, ফুলকবি ১২০০ টকা, বিলাহী ১৮০০ টকা, জলকীয়া ২০০০ টকাত বিক্ৰী হৈছে। অথচ ১০ দিন পূৰ্বে একে পাচলিৰ পাইকাৰী বজাৰ মূল্য আছিল প্ৰায় দুগুণ। তথ্য অনুসৰি, বজাৰৰ পৰা ক্ৰয় কৰা পাচলি গুৱাহাটীকে ধৰি ৰাজ্যৰ অন্যান্য বজাৰ সমূহলৈ লৈ গৈ প্ৰায় প্ৰতি কেজি বেঙেনা ৩৫ ৰ পৰা ৫০ টকা, বিলাহী ৭০ৰ পৰা ৯০ টকা, ফুলকবি ৫০ৰ পৰা ৬০ টকাকৈ বিক্ৰী কৰা হয়।

উল্লেখ্য যে, শিমলীতোলাৰ দৰে বজাৰসমূহৰ পৰা ক্ৰয় কৰা পাচলি সমূহ গুৱাহাটী আৰু ইয়াৰ ওচৰ পাজৰৰ বজাৰ সমূহলৈ নিওঁতে ব্যৱসায়ী সকলে ভৰিব লাগে গুণ্ডা কৰ। গুৱাহাটীলৈ যোৱা পথত ব্যৱসায়ী সকলে বিভিন্ন ঠাইত আৰক্ষীক দিব লাগে ধন। প্ৰতিখন বাহনৰ পৰা আৰক্ষীয়ে সংগ্ৰহ কৰে নিৰ্দিষ্ট পৰিমাণৰ ধন। এয়া আমাৰ অভিযোগ নহয়, এই বিষয়ত কি কয় ব্যৱসায়ী সকলৰ মুখেৰেই শুনক ৷

Intro:as_gol_05dec_801_vegetable_low_price_vis+byte_7203844.

Anchor : হোৰা হোৰে কমিছে পাচলিৰ মূল্য। অনিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাৰ বাবেই এনে অৱস্থা। হাহাকাৰ কৰিছে কৃষক সকল । চাওক এই সন্দর্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ।
Body:as_gol_05dec_801_vegetable_low_price_vis+byte_7203844.

Anchor : হোৰা হোৰে কমিছে পাচলিৰ মূল্য। অনিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাৰ বাবেই এনে অৱস্থা। হাহাকাৰ কৰিছে কৃষক সকল । চাওক এই সন্দর্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ।

V. O : এফালে পিঁয়াজৰ মূল্যই চেঞ্চুৰী পাৰ কৰিছে। আন ফালে উৎপাদিত পাচলিৰ উচিত বজাৰ মূল্য নাপাই মূৰেকপালে হাত দিছে কৃষক সকলে । নামনি অসমৰ অন্যতম বৃহৎ পাচলি বজাৰ খ্যাত গোৱালপাৰাৰ নৱাগত শিমলীতোলা।বিক্ৰীৰ বাবে অনা পাচলিৰ উচিত বজাৰ মূল্য পোৱা নাই কৃষকে। এইখন বজাৰতে নিতৌ কৃষক সকলে বিক্ৰীৰ বাবে আনে হাজাৰ হাজাৰ কুইন্টল বেঙেনা, কবি, গাজৰ, বিলাহী, জলকীয়া, মূলা। বিশেষকৈ বজাৰত অহা অধিকাংশ পাচলি আহে দক্ষিণ বৰপেটাৰ পৰা। কিন্তু যোৱা এসপ্তাহত পাচলিৰ বজাৰ অত্যাধিক হ্ৰাস হোৱাত চকুৰে সহিয়হৰ ফুল দেখিছে কৃষক সকলে। এইখন বজাৰত প্ৰতি কুইন্টল বেঙেনা ৫০০ টকা, ফুলকবি ১২০০ টকা, বিলাহী ১৮০০ টকা, জলকীয়া ২০০০ টকাত বিক্ৰী হৈছে। অথচ ১০ দিন পূৰ্বে একে পাচলিৰ পাইকাৰী বজাৰ মূল্য আছিল প্ৰায় দুগুণ। বজাৰৰ পৰা ক্ৰয় কৰা পাচলি গুৱাহাটীকে ধৰি ৰাজ্যৰ অন্যান্য বজাৰ সমুহলৈ নি কিমান দৰত বিক্ৰী কৰিছে?? আমাৰ হাতত থকা তথ্য অনুসৰি গুৱাহাটী আৰু ইয়াৰ ওচৰ পাজৰৰ বজাৰত প্ৰতি কেজি বেঙেনা বিক্ৰী হয় ৩৫ ৰ পৰা ৫০ টকা, বিলাহী ৭০ৰ পৰা ৯০ টকা, ফুলকবি ৫০ৰ পৰা ৬০ টকাকৈ। প্ৰশ্ন হয়, শিমলীতোলাৰ পৰা মাত্ৰ এশ কিলোমিটাৰ দূৰত্বৰ গুৱাহাটী আৰু ইয়াৰ ওচৰ পাজৰৰ বজাৰত পাচলিৰ মূল্য ইমান বেছি কিয়?? উত্তৰ তেনেই সহজ। শিমলীতোলাৰ দৰে বজাৰৰ পৰা ক্ৰয় কৰা পাচলি সমুহ গুৱাহাটী আৰু ইয়াৰ ওচৰ পাজৰৰ বজাৰ সমুহলৈ নিওঁতে ব্যৱসায়ী সকলে ভৰিব লাগে গুণ্ডাকৰ। গুৱাহাটীলৈ যোৱা পথত ব্যৱসায়ী সকলে বিভিন্ন ঠাইত আৰক্ষীক দিব লাগে ধন। প্ৰতিখন বাহনৰ পৰা আৰক্ষীয়ে সংগ্ৰহ কৰে নিৰ্দিষ্ট পৰিমাণৰ ধন। এয়া আমাৰ অভিযোগ নহয়, ব্যৱসায়ী সকলৰ মুখেৰেই শুনক কি কয়...। এফালে কম দামত নিজৰ উৎপাদিত পাচলি বিক্ৰী কৰি মূৰেকপালে হাত দিছে কৃষকে । অন্যহাতে গুৱাহাটী আৰু ইয়াৰ আশেপাশে থকা বজাৰ সমুহত অত্যাধিক চৰা দামত পাচলি ক্ৰয় কৰি জেপ খালি কৰিছে সৰ্বসাধাৰণ লোকে। বজাৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে কিবা কৰিব নোৱাৰেনে??

Byte : পাইকাৰী ব্যৱসায়ী ।

জাহিদুল ইছলাম, গোৱালপাৰা।Conclusion:Byte : পাইকাৰী ব্যৱসায়ী ।

জাহিদুল ইছলাম, গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.