ETV Bharat / state

Sand Syndicate: বন বিভাগক মেনেজ কৰিছে গোৱালপাৰাত চলিছে বালিৰ ছিণ্ডিকেট

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 8:54 PM IST

নদীৰ বুকুত বালি মাফিয়াই চলোৱা অবাধ খননৰ বাবে গোৱালপাৰা জিলাৰ তিনিখন নৈয়ে মৃত্যুমুখী যাত্ৰা কৰিছে ৷ বন বিভাগৰ চকুৰ সন্মুখতে ব্যাপক হাৰত চলি আছে বালিৰ চোৰাং বেহা ৷ ইয়াৰ বিৰুদ্ধে জাঙুৰ খায় উঠিছে স্থানীয় ৰাইজ ৷

Sand Syndicate
Sand Syndicate
বন বিভাগক মেনেজ কৰিছে গোৱালপাৰাত চলিছে বালিৰ ছিণ্ডিকেট

গোৱালপাৰা, 24 আগষ্ট: ৰাজ্যত চলি থকা বালিৰ ছিণ্ডিকেট কোনো নতুন কথা নহয় ৷ ৰাজ্যৰ বিভিন্ন নৈৰ বালি দুষ্টচক্ৰই দৈনিক নীতিবৰ্হিভূতভাৱে খনন তথা সৰবৰাহ কৰি আহিছে ৷ যাৰ ফলত অস্তিত্বৰ সংকটত পৰিছে ৰাজ্যৰ বহু কেইখন নৈ ৷ গোৱালপাৰত জিলাত চলি থকা বালিৰ চোৰাং বেহাৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে সচেতন ৰাইজ ৷

উল্লেখ্য যে গোৱালপাৰা জিলাৰ তিনিখনকৈ নৈৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই বন বিভাগৰ সকলো নীতি-নিয়ম উলংঘা কৰি চোৰাং ভাৱে দীৰ্ঘদিন ধৰি বালিৰ খনন চলি আছে ৷ নদীৰ বুকুত মেচিন স্থাপন কৰি চাহাবুল ইছলাম ওৰফে ধনোৰ নামৰ লোকজনে বালিৰ চোৰাং বেহা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে ৷ বালি মাফিয়া চাহাবুল ইছলামৰ এই কলংকিত অধ্যায় বিভিন্ন সময়ত সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছে যদিও কোনো বিশেষ গুৰুত্ব প্ৰদান কৰা নাই বন বিভাগে ৷

পোহৰলৈ অহা তথ্য অনুসৰি চৰকাৰক লাখ লাখ টকাৰ ৰাজহ ফাঁকি দি কি জলপথ, কি স্থলপথ, সকলো পথেৰেই বালিৰ চোৰাং বেহা চলাই গৈছে চাহবুলে ৷ সেই বালি কেৱল অসমতেই নহয়, জল পথেৰে সৰবৰাহ কৰা বাংলাদেশলৈয়ো ৷

উল্লেখ্য যে বন বিভাগে মহলদাৰক নদীৰ বুকুত বালি খনন কৰাৰ পূৰ্বে কেতবোৰ নীতি-নিয়ম বান্ধি দিয়ে ৷ বন বিভাগৰ নিয়ম অনুসৰি মেচিনেৰে বালি খনন কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা আছে ৷ লগতে বালি খননৰ সময়ত যদি জৈৱ বৈচিত্ৰৰ ক্ষতি হয় তেন্তে বালি মহলৰ স্বীকৃতি বাতিল কৰা হয় ৷

কিন্তু এতিয়া যেন এই সকলো নীতি-নিয়ম ধোঁৱা চাঙত ৷ সকলো চৰকাৰী নীতি-নিৰ্দেশনাক উপেক্ষা কৰি নিৰ্বিঘ্নে বালি খনন কৰি ৰমৰমীয়া বেহা চলাই গৈছে চাহাবুল ইছলামে ৷ যি কথা দৃশ্যসমূহৰ পৰা সম্পূৰ্ণৰূপে স্পষ্ট হয় ৷ পাম্পেৰে চলাই থকা হৈছে বালিৰ অবাধ খনন ৷ কেৱল এটা-দুটা পাম্প নহয়, ডজনে ডজনে পাম্প ব্যৱহাৰ কৰি নদীৰ বুকুত খনন চলাইছে বালি চোৰৰ চৰ্দাৰ ৰূপত অৱতীৰ্ণ হোৱা চাহাবুল ইছলাম ৷ যাৰ ফলত ব্যাপক হাৰত ক্ষতি হৈছে জৈৱ বৈচিত্ৰ ৷ শীঘ্ৰেই বালিৰ এই অবৈধ খনন বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে সচেতন ৰাইজে ৷

কিন্তু লক্ষণীয় কথাটো হ’ল যে, এই সকলো দেখিও নিমাত বন বিভাগ ৷ প্ৰশ্ন উত্থাপন হৈছে যে কিদৰে বন বিভাগৰ চকুৰ সন্মুখতে চলি আছে বালিৰ খনন ? লগতে অভিযোগ উত্থাপন হৈছে যে বালি মাফিয়াৰ পৰা মোটা অংকৰ ধনৰ বিনিময়ত মেনেজ হৈছে বন বিষয়া কিম্বা বন বিভাগ ৷ সেয়েহে এইদৰেই দৈনিক জিলাখনত ৰঙা বালিৰ বেহা কোনো বাধা অবিহনে অব্যাহত আছে ৷ তিনিখন নদীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া এই কাৰ্যক প্ৰশাসনে নাকী লগাব নোৱাৰিলে ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: AAP Assam Press Meet: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দলৰ নেতাই চাকৰিৰ বজাৰ চলোৱাৰ গুৰুতৰ অভিযোগ আপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.