গোৱালপাৰা,২২ জুলাই: ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায়েই সংঘটিত হৈ আহিছে বন্যহস্তীৰ ত্ৰাসৰ ঘটনা (Man Elephant conflict in Assam) । জনাঞ্চললৈ বন্যহস্তীৰ আগমন তথা পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ ৷ সম্প্ৰতি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে ৷
গোৱালপাৰাতো হাতী-মানুহৰ সংঘাতে দিনকদিনে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ । লক্ষীপুৰত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল দুজনৰ আহত দুগৰাকী । হাতীৰ আক্ৰমণত নিহত লোক দুজন ধামৰ বিল গাওঁৰ নিজাম উদ্দিন আৰু গোৱালগুলী গাওঁৰ ছানী হাজং । হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে মনছুৰা বেগম আৰু শাৰজিনা বিবি ।
আনফালে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হৈছে বন মন্ত্ৰী তথা বিয়াগোম বন বিভাগটো । জানিব পৰা মতে বৃহস্পতিবাৰে নিশা প্ৰায় ২মান বজাত এটা বৃহৎ হাতীৰ জাকে ধামৰ বিল আৰু গোৱালগুলী গাওঁত সন্ত্ৰাস চলাই । বন্যহস্তীৰ জাকটোৱে প্ৰায় কুৰিটাৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰি বিনষ্ট কৰাৰ উপৰিও বহু সা-সম্পত্তি বিনষ্ট কৰে । এফালে বনৰীয়া হাতীৰ আতংক শংকিত হৈ পৰিছে গঞা ৰাইজ । আনফালে কুম্ভকুৰ্ণ নিদ্ৰাত লক্ষীপুৰ আঞ্চলিক বনবিভাগ । এক তথ্য অনুসৰি ২০২১ৰ পৰা ২২ লৈ সৰ্বমুঠ ১৯ জন লোকে প্ৰাণ হেৰুৱালে বন্যহস্তীৰ আক্ৰমণত ।
লগতে পঢ়ক: Special immunization programme: ৰঙিয়াত ক'ভিডৰ বিশেষ প্ৰতিষেধক কাৰ্যসূচী উদ্বোধন বৈজয়ন্ত জয় পাণ্ডাৰ