ETV Bharat / state

গোৱালপাৰাত পুনৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক

দুধনৈ আৰক্ষীয়ে এক অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে ৷ ড্ৰাগছ সৰবৰাহকাৰী সৰবৰাহকাৰী দুটাৰ পৰা নগদ ধন সহ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ৷

Two drug padler arrested
গোৱালপাৰাত পুনৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক
author img

By

Published : Jun 2, 2021, 9:01 PM IST

গোৱালপাৰা, 2 জুন : সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ সেই অনুপাতে গোৱালপাৰা জিলাৰ দুধনৈৰ সমীপৰ বিভিন্ন স্থানত অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে দুধনৈ আৰক্ষীয়ে ৷ সৰবৰাহকাৰী দুটাৰ পৰা ড্ৰাগছ সহ নগদ ধন জব্দ কৰে আৰক্ষীয়ে ৷

গোৱালপাৰাত পুনৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক

দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানত দুধনৈৰ ধনজিৎ ব্ৰহ্ম (27) আৰু ৰাজু ভদ্ৰা (28) নামৰ দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ সৰবৰাহকাৰী দুটাৰ পৰা নগদ ৭,৫০০ টকা সহ ১৪.১৫ গ্ৰাম ড্ৰাগছ আৰু ছিৰিঞ্জ জব্দ কৰে আৰক্ষীয়ে ৷

ইফালে গ্ৰেপ্তাৰ হোৱা দুয়ো সৰবৰাহকাৰী ড্ৰাগছ আসক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ উল্লেখ্য যে, দুধনৈ থানাত 63/21 U/S 21 (B)/29NDPS Act. অধীনত দুই সৰবৰাহকাৰীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে দুধনৈ আৰক্ষীয়ে ৷

লগতে পঢ়ক: শেহতীয়া ক'ভিড পৰিস্থিতি সন্দৰ্ভত কি ক'লে জিএমচিএইচৰ অধ্যক্ষই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.