ETV Bharat / state

Landslide in Assam: গোৱালপাৰাত ভূমিস্খলনত মৃত্যু ভাতৃ-ভগ্নীৰ

author img

By

Published : Jun 16, 2022, 1:46 PM IST

গোৱালপাৰাত ভূমিস্খলনৰ ভয়াৱহ ৰূপ(Landslide at Goalpara) । দেৱাল বাগৰি দুটিকৈ ভাতৃ-ভগ্নীৰ থিতাতে নিহত(Two child died in landslide at Goalpara) । অঞ্চলজুৰি শোকৰ ছাঁ ।

two-child-died-in-landslide-at-goalpara
Landslide in Assam: গোৱালপাৰাত ভূমিস্খলনত মৃত্যু ভাতৃ-ভগ্নীৰ

গোৱালপাৰা, 15 জুন : গোৱালপাৰাত ভূমিস্খলনত(Landslide at Goalpara) থিতাতে নিহত দুগৰাকী ভাতৃ-ভগ্নীৰ(Two child died in landslide at Goalpara) । বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই শোকাৱহ ঘটনা । প্ৰায় দহ বছৰ পূৰ্বে নিৰ্মাণ কৰা এখন দেৱাল খহি পৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ।

ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে প্লাৱিত হৈছে বহুকেইখন জিলা ৷ সমান্তৰালকৈ গোৱালপাৰা জিলাতো অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ গোৱালপাৰা জিলাৰ ১৯ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত আজাদ নগৰত পথ কাষত থকা এখন পকী দেৱাল খহি পৰাৰ ফলত প্ৰকাণ্ড দেৱালয় খহি আছিৰ উদ্দিন ছিকদাৰ নামৰ লোকজনৰ ঘৰৰ ওপৰত পৰাৰ ফলত শুই থকা অৱস্থাতে দুই কণমানিৰ মৃত্যু হয় ৷ মৃত শিশু দুটি আছিৰ উদ্দিনৰ পুত্ৰ হুছেইন আলী আৰু আছমা খাতুন বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ খবৰ পাই SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ(Goalpara Civil Hospital) প্ৰেৰণ কৰে । এনে হৃদয় বিদাৰক ঘটনাটি সংঘটিত হোৱাত সম্প্ৰতি অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

উল্লেখ্য যে, গুৱাহাটী মহানগৰীতো ব্যাপকভাৱে ভূমিস্খলন হৈছে নেৰানেপেৰা বৰষুণৰ বাবে ৷ ইতিমধ্যে চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে ভূমিস্খলনৰ ফলত ৷ নিতৌ গুৱাহাটীৰ পাহাৰীয়া জনবসতিপূৰ্ণ অঞ্চলসমূহত সৃষ্টি হোৱা ভূমিস্খলতে শংকিত কৰি তুলিছে সেই স্থানৰ আবাসীসকলক ৷

লগতে পঢ়ক : ৰুষ্ট প্ৰকৃতি: প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.