গোৱালপাৰা,17 ডিচেম্বৰ: আৰক্ষী প্ৰশাসনৰ চকত ধূলি মাৰি ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ বিশেষকৈ নিচাজাতীয় দ্ৰব্যৰ ৰম্যভূমিত পৰিণত হৈছে কামৰূপ জিলাৰ নগৰবেৰাৰ টুপামাৰী ৷ অভিযোগ অনুসৰি নগৰবেৰাৰ টুপামাৰিত একাংশ অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিনৰে পৰা বৃহত্তৰ টুপামাৰী অঞ্চলত চলাই আহিছে নিচাজাতীয় দ্ৰব্য,কফ চিৰাপ আদিৰ ৰমৰমীয়া বেহা ৷ বুধবাৰে নিশা উক্ত স্থানত আৰক্ষীয়ে চলোৱা অভিযানত নিচাজাতীয় দ্ৰব্যসহ আৰক্ষীৰ জালত পৰে দুই যুৱক ৷ ধৃত যুৱকদ্বয় ছয়গাঁৱৰ চাম্পুপাৰাৰ ছফিকুল ইছলাম আৰু ইছমাইল হুছেইনক বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে,যুৱক দুজনে টুপামাৰীৰ এজন কুখ্যাত ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য ব্যৱসায়ীৰ পৰা ক্ৰয় কৰিছিল এই বৃহৎ পৰিমাণৰ কফ চিৰাপখিনি ৷ ক্ৰয় কৰা নিচাজাতীয় কফ চিৰাপখিনি বাইকেৰে চাম্পুপাৰালৈ নিয়াৰ সময়তে টুপামাৰী আৰক্ষীয়ে হাতে লোটে কৰায়ত্ত কৰে যুৱক দুজনক ৷
লগতে পঢ়কঃ আধাৰ কাৰ্ড বনোৱাৰ নামত বৰপেটাত অনিয়ম