ETV Bharat / state

গোৱালপাৰাত নদীৰ পৰা জব্দ শাল গছৰ কুণ্ডা

ৰংজুলি আঞ্চলিক বন বিভাগে অভিযান চলাই ৰংজুলিৰ পালপাৰাত নৈৰ পৰা এখন নাও সহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় নাওখনত কঢ়িয়াই নিয়া বৃহৎ পৰিমাণৰ শালগছৰ অবৈধ কুণ্ডা ।

author img

By

Published : Aug 1, 2020, 11:35 AM IST

timber seized at goalpara
timber seized at goalpara

বকো, 1 আগষ্ট : বন ধ্বংসকাৰী দুস্কৃতিকাৰীৰ বিৰুদ্ধে অব্যাহত আছে গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বন বিভাগৰ অভিযান । বিগত কেইদিনমানৰ পৰা ৰংজুলি আঞ্চলিক বন বিভাগে ইয়াৰ অন্তৰ্গত এলেকা সমুহত অভিযান চলাই জব্দ কৰি আহিছে অবৈধ মূল্যবান গছৰ কুণ্ডা, কাঠফলা মিল তথা গছৰ কুণ্ডা কঢ়িওৱা বাহন । ইয়াৰ মাজতে পুনৰ ৰংজুলি আঞ্চলিক বন বিভাগে অভিযান চলাই ৰংজুলিৰ পালপাৰাত নৈৰ পৰা এখন নাও সহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় নাওখনত কঢ়িয়াই নিয়া বৃহৎ পৰিমাণৰ শালগছৰ অবৈধ কুণ্ডা । জব্দকৃত নাও আৰু গছৰ কুণ্ডা সমূহ মজুত কৰি ৰখা হৈছে ধূপধৰাস্থিত বন বিভাগৰ কাঠ ভড়ালত ।

নদীৰ পৰা জব্দ শাল গছৰ কুণ্ডা

বিগত সময়চোৱাত অঞ্চলটোত বহু পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে কেইবাটাও অবৈধ কাঠ ফলা মিল উৎখাত কৰিছিল বন বিভাগে ৷ অঞ্চলটোত একাংশ লোকে কাঠ, বালি আদিৰ অবাধ বেহা চলায় থকাৰ বাতৰি বিভিন্ন সময়ত পোৱা যায় ৷ বন বিভাগৰ অভিযানত কাঠ, কাঠ কঢ়িওৱা ট্ৰাক আদি জব্দ হৈছে যদিও বৰ্তমানেও ধৰা পৰা নাই এই অবৈধ ব্যৱসায়ৰ আঁৰত থকা বন মাফিয়া ৷

লগতে পঢ়ক : আজি পবিত্ৰ ঈদ-উদ-জোহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.