ETV Bharat / state

Lakhipur College students union election : লক্ষীপুৰ মহাবিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনা, আৰক্ষীৰ প্ৰহাৰত আহত ছাত্ৰ

author img

By

Published : Oct 27, 2022, 12:52 PM IST

গোৱালপাৰাৰ ঐতিহ্যমণ্ডিত লক্ষীপুৰ মহাবিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰিক তীব্ৰ উত্তেজনা । নিৰ্বাচনৰ ফলাফল ঘোষণাত পলম হোৱাক লৈ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ (Protest in Lakhipur College)। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰ ।

Lakhipur College
নিৰ্বাচনকেন্দ্ৰিত উত্তেজনা

গোৱালপাৰা,২৭ অক্টোবৰ : গোৱালপাৰৰ লক্ষীপুৰ মহাবিদ্যালয়ত উত্তেজনা । ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এই উত্তেজনা । নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে প্ৰথমে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় (Protest in Lakhipur College)।

পৰিৱেশ উত্তপ্ত হোৱাত ঘটনাস্থলীত লক্ষীপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় আৰক্ষী । ইফালে অভিযোগ অনুসৰি আৰক্ষীৰ প্ৰহাৰত এগৰাকী ছাত্ৰ গুৰুতৰ ভাৱে আহত হয় । আহত ছাত্ৰগৰাকী শ্বৰিফুল ইছলাম মোল্লা বুলি জানিব পৰা গৈছে (Student injured in Lakhipur College tense)।

উল্লেখ্য যে গোৱালপাৰা জিলাৰ লক্ষীপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ (Lakhipur College students union election) ফলাফল ঘোষণাত পলম হোৱাক লৈ ছাত্ৰ-ছাত্ৰীয়ে গেটৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল । যাৰ ফলত মহাবিদ্যালয়খনত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় (Tense situation in Lakhipur College)। তেনে সময়তে আৰক্ষী উপস্থিত হৈ উত্তেজিত ছাত্ৰ-ছাত্ৰীসকলক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে ।

নিৰ্বাচনকেন্দ্ৰিত উত্তেজনা

অৱশ্যে সেই উত্তেজনাময় পৰিৱেশৰ মাজত ছাত্ৰজন আহত হয় (Election related clashes at Lakhipur College)। পাছত আহত শ্বৰিফুল ইছলাম মোল্লাক অভিভাৱকে লক্ষীপুৰ চিকিৎসালয়লৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে ছাত্ৰজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ইফালে এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ছাত্ৰ সমাজ লগতে আহত ছাত্ৰৰ পৰিয়াল সমগ্ৰ ঘটনাক গৰিহণা দিছে । আৰক্ষীয়ে বৰ্বৰভাৱে ছাত্ৰক আক্ৰমণ কৰাৰো অভিযোগ কৰিছে অভিভাৱক তথা ছাত্ৰসকলে । আনকি আৰক্ষীয়ে চিকিৎসাধীন ছাত্ৰৰ স্বাস্থ্যৰ বুজ ল'বলৈ নহাত ক্ষোভ প্ৰকাশ কৰিছে অভিভাৱকে । সমগ্ৰ ঘটনা ষড়যন্ত্ৰমূলক বুলিও সন্দেহ কৰিছে অভিভাৱকে ।

লক্ষণীয়ভাৱে অসমত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ নিৰ্বাচনকেন্দ্ৰিক হিংসা কোনো নতুন কথা নহয় । প্ৰায়ে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হয় । ৰাজ্যৰ শীৰ্ষ পৰ্যায়ৰ মহাবিদ্যালয় আদিতো এনে ঘটনা সুলভ । নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচনৰ পাছতো বহু মহাবিদ্যালয়ত কাজিয়াৰ সৃষ্টি হোৱা দেখা যায় । যাৰ বাবে সচেতন মহলে প্ৰায়ে এই ধৰণৰ কাৰ্যক সমালোচনা কৰে । ইয়াৰ দ্বাৰা শৈক্ষিক পৰিৱেশো বিনষ্ট হোৱাৰ অভিযোগ কৰি আহিছে বিভিন্নজনে ।

লগতে পঢ়ক :Drugs dealer arrested in Nagaon: নগাঁৱৰ কচুৱাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.