গোৱালপাৰা, 30 আগষ্ট : গোৱালপাৰাত সৌৰ চাকি বিতৰণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ । প্ৰতিটো সৌৰ চাকিৰ বিনিময়ত 5 হাজাৰৰ পৰা 7 হাজাৰ টকালৈ সংগ্ৰহ কৰাৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে । গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ সীমান্তৰ কেইবাখনো গাঁৱত চৰকাৰী সৌৰ চাকি বিতৰণৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ ব্ৰহ্মপুত্ৰৰ নৈ কাষৰীয়া চেঙ্গেৰ আলগা, কলচাবাঙ্গা, ছিঙ্গুলীপাৰা, চুলাৰ চৰ আদি বিভিন্ন চৰ অঞ্চলত দীনদয়াল আৰু সৌভাগ্য আঁচনিৰ চৰকাৰী সৌৰ চাকি বিতৰণৰ নামত একাংশ দালালে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এইক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক অতি শীঘ্ৰে তদন্ত কৰিবলৈ চৰ অঞ্চলৰ সচেতন ব্যক্তি সকলে দাবী জনাইছে ।
সৌৰ চাকি বিতৰণত দুৰ্নীতি - ব্ৰহ্মপুত্ৰ
প্ৰতিটো সৌৰ চাকিৰ বিনিময়ত 5 হাজাৰৰ পৰা 7 হাজাৰ টকালৈ সংগ্ৰহ কৰাৰ অভিযোগ ৷ জলেশ্বৰ সমষ্টিৰ সীমান্তৰ কেইবাখনো গাঁৱত চৰকাৰী সৌৰ চাকি বিতৰণৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷
গোৱালপাৰা, 30 আগষ্ট : গোৱালপাৰাত সৌৰ চাকি বিতৰণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ । প্ৰতিটো সৌৰ চাকিৰ বিনিময়ত 5 হাজাৰৰ পৰা 7 হাজাৰ টকালৈ সংগ্ৰহ কৰাৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে । গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ সীমান্তৰ কেইবাখনো গাঁৱত চৰকাৰী সৌৰ চাকি বিতৰণৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ ব্ৰহ্মপুত্ৰৰ নৈ কাষৰীয়া চেঙ্গেৰ আলগা, কলচাবাঙ্গা, ছিঙ্গুলীপাৰা, চুলাৰ চৰ আদি বিভিন্ন চৰ অঞ্চলত দীনদয়াল আৰু সৌভাগ্য আঁচনিৰ চৰকাৰী সৌৰ চাকি বিতৰণৰ নামত একাংশ দালালে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এইক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক অতি শীঘ্ৰে তদন্ত কৰিবলৈ চৰ অঞ্চলৰ সচেতন ব্যক্তি সকলে দাবী জনাইছে ।
Anchor :- গোৱালপাৰাত সৌৰ চাকি বিতৰণৰ নামত ব্যপক দুৰ্নীতি।প্ৰতিটো সৌৰ চাকিৰ বিনিময়ত ৫ হাজাৰৰ পৰা ৭ হাজাৰ টকালৈ সংগ্ৰহ পঞ্চায়ত প্ৰতিনিধিৰ।কুম্ভ কুৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন।
V. O :- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল চৰকাৰে যিমানে ভাষণ ফুলজাৰী নামৰক কিয় দুৰ্নীতিৰ বিৰুদ্ধে।দুৰ্নীতি কিন্তু কৰিয়ে আছে একাংশ পঞ্চায়ত প্ৰতিনিধি তথা বিষয়া কৰ্মচাৰীয়ে।এইবাৰ পোহাৰ লৈ আহিছে চৰকাৰী সৌৰ চাকি (Solar) বিতৰণৰ নামত বৃহৎ দুৰ্নীতিৰ ঘটনা। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ সীমান্তৰ কেইবাখন গাঁৱত চৰকাৰী সৌৰ চাকি বিতৰণৰ নামত একাংশ দালালে চলাইছে দালালিৰাজ। প্ৰত্যেকটো সৌৰ চাকিৰ নামত ধনী কি দুখীয়া আদি সকলোৰ পৰা সংগ্ৰহ কৰিছে ৫ ৰ পৰা ৭ হাজাৰ কৈ টকা। উল্লেখ্য যে পশ্চিম অসমৰ গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ সীমান্ত তথা মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈ কাষৰীয়া চেঙ্গেৰ আলগা, কলচাবাঙ্গা, ছিঙ্গুলীপাৰা, চুলাৰ চৰ আদি বিভিন্ন চৰ অঞ্চলত দিনদয়াল আৰু সৌভাগ্য আঁচনিৰ চৰকাৰী সৌৰ চাকি বিতৰণৰ নামত একাংশ দালালে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।দৰিদ্ৰ পৰিয়ালসমূহক মাধমাৰ সোধাই ঐশ্বৰ্য্যৰ পাহাৰ গঢ়াত ব্যাস্ত হৈ পৰিছে যেন ৰাজ্যৰ দুৰ্নীতিগ্ৰস্ত দালাল সকলে। এই ক্ষেত্ৰত শূন্য সহনশীল নীতিৰ শ্লোগান আওৰোৱা ৰাজ্য চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক অতি শীঘ্ৰে তদন্ত কৰিবলৈ চৰ অঞ্চলৰ সচেতন ব্যক্তি সকলে দাবী জনাইছে।
Byt :- স্থানীয় লোক।
গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ ৰিপোৰ্ট ETV BHARAT অসম।Conclusion:Byt :- স্থানীয় লোক।
গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ ৰিপোৰ্ট ETV BHARAT অসম।