ETV Bharat / state

Illegal sand syndicate: গোৱালপাৰা মাটিয়া ইছলামপুৰত বালিৰ অবাধ ছিণ্ডিকেট; চোৰাংকৈ বাংলাদেশলৈ সৰবৰাহ

author img

By

Published : Aug 12, 2023, 4:18 PM IST

মাটিয়া ইছলামপুৰত চলিছে বালিৰ অবাধ ছিণ্ডিকেট ৷ ডি এফ অ' তেজশ‌ মৰিস্বামীৰ ছত্ৰছায়াত চাহাবুল ইছলামে ডাম্পাৰে ডাম্পাৰে অসমৰ বালি চোৰাংকৈ বাংলাদেশলৈ সৰবৰাহ কৰাৰ অভিযোগ ৷

Sand syndicate at Islampur in Goalpara
মাটিয়া ইছলামপুৰত চলিছে বালিৰ অবাধ ছিণ্ডিকেট
বালিৰ অবাধ ছিণ্ডিকেট

গোৱালপাৰা, 12 আগষ্ট : গোৱালপাৰা মাটিয়া ইছলামপুৰত চলিছে বালিৰ অবাধ ছিণ্ডিকেট ৷ ডি এফ অ' তেজশ‌ মৰিস্বামীৰ প্ৰত্যক্ষ ছত্ৰছায়াত জে'ল ফেৰৎ বালি চোৰৰ চৰ্দাৰ চাহাবুল ইছলামে ডাম্পাৰে ডাম্পাৰে অসমৰ বালি চোৰাংকৈ বাংলাদেশলৈ সৰবৰাহ কৰাৰ অভিযোগ ৷

দুধনৈৰ 7.85 কোটি টকীয়া বন্ধ বালি মহলত কিস্তি আদায় নিদিয়াকৈ দিনে-নিশাই চলাইছে অবৈধ খনন ৷ চালানৰ নামত বন বিভাগ দৈনিক বঞ্চিত হৈছে 9 লক্ষাধিকৰ চৰকাৰী ৰাজহৰ পৰা ৷ অভিযোগ অনুসৰি বিতৰ্কিত ডি এফ অ' তেজশ‌ মৰিস্বামীয়ে গোৱালপাৰাৰ ডি এফ অ' হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই জিলাখনৰ বনজ সম্পদৰ ওপৰত মুকলিকৈ চলাই গৈছে লুণ্ঠন ৷ চূড়ান্ত দুৰ্নীতি আৰু অনিয়মেৰে চৰকাৰ‌ তথা বিভাগক বুজন পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত কৰি বালি চোৰৰ জেপ গধুৰ কৰিবলৈও কুণ্ঠাবোধ নকৰে এইগৰাকী বিষয়াই ৷

ডি এফ অ' তেজশ মৰিস্বামীয়ে গোৱালপাৰাৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰে পৰা জিলাখনৰ একাংশ বালি চোৰকে ধৰি চোৰাং কাঠ, মাটি,শিল-বালি, শিল আদিৰ চোৰাং ব্যৱসায়ীয়ে মিঠাইৰ টোপোলা লৈ কাৰ্যালয়ত ভিৰ কৰা পৰিলক্ষিত হয় ৷এই সুযোগতে বিতৰ্কিত বিষয়াগৰাকীয়ে জিলাখনৰ বিভিন্ন অঞ্চলৰ একাংশ বালি চোৰ তথা চোৰাং ব্যৱসায়ীৰ সৈতে আৰম্ভ কৰে গোপন মিতিৰালি ৷ অভিযোগ অনুসৰি ডি এফ অ' তেজশ‌ মৰিস্বামীয়ে মাটিয়াৰ জে'ল ফেৰৎ বালি চোৰৰ চৰ্দাৰ চাহাবুল ইছলাম ওৰফে ইমৰাণৰ সৈতে গঢ়ি তুলিছে এক ঘণিষ্ঠ সম্পৰ্ক ৷ ডি এফ অ' গৰাকীয়ে শেহতীয়াকৈ বালি চোৰৰ চৰ্দাৰ চাহাবুল ইছলামক জিলাখনৰ বনজ সম্পদ লুণ্ঠন কৰাৰ বাবে বৰপীৰা পাৰি দিয়া বুলি অভিযোগ উত্থাপন হৈছে ৷ পৰিণতিত ডি এফ অ' তেজশ‌ মৰিস্বামীৰ প্ৰত্যক্ষ ছত্ৰছায়াত বালি চোৰৰ চৰ্দাৰ চাহাবুল ইছলামে কিস্তি অনাদায়ে নিজৰ বন্ধ হৈ থকা 7.85 কোটি টকীয়া বালি মহলত শেহতীয়াকৈ ব্যাপক লুণ্ঠন চলোৱা পৰিলক্ষিত হৈছে ৷

গোৱালপাৰাৰ মাটিয়া অঞ্চলৰ ইছলামপুৰত থকা দুধনৈ নৈৰ এই বন্ধ বালি মহলটোৰ পৰা মুকলিকৈ দিনে- নিশাই ব্যাপক হাৰত অবৈধভাৱে ৰঙা বালি খনন কাৰ্য চলাইছে ৷ আনকি চাহাবুল‌ ইছলামে বিভাগৰ সকলো নীতি-নিয়ম উলংঘা কৰি জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি দুধনৈ নৈৰ বুকুত অতি নিৰ্দয়ভাৱে চলাই গৈছে বালি খনন ৷ অবৈধ বালি উত্তোলন কৰা যন্ত্ৰ, এক্সকেভেটৰ লগাই দিনে-নিশাই নৈৰ বুকুৰ পৰা উত্তোলন কৰা বালি বিনা চালানে ডাম্পাৰে ডাম্পাৰে গোৱালপাৰা জিলাকে ধৰি ইয়াৰ নিকটতম জিলাসমূহ আৰু বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ এই অবৈধ বালি খনন আৰু সৰবৰাহৰ ফলত বিভাগ তথা ৰাজ্য চৰকাৰে প্ৰতিদিনে বঞ্চিত হৈ আহিছে কেইবালক্ষাধিক টকাৰ ৰাজহৰ পৰা ৷

উল্লেখ্য যে, জিলাখনৰ মাটিয়া অঞ্চলৰ চাহাবুল ইছলামে বিগত প্ৰায় দুই দশক ধৰি বৈধ বালি মহলৰ আঁৰ লৈ দুধনৈ নৈৰ বালি ব্যাপক হাৰত চোৰ কৰি বিভাগৰ নিদ্ৰাহৰণ কৰি আহিছে ৷ এনে সময়তে 2022 চনৰ প্ৰথম ভাগতে দুধনৈ নৈৰ 3 নং (বি) বালি মহলটো 7.85 কোটি টকাত চাহাবুল ইছলামে বিভাগীয় নীতি-নিয়ম অনুসৰি 7 বছৰৰ বাবে আবণ্টন লাভ কৰে ৷ একেটা বৰ্ষৰ মে' মাহত মহলৰ প্ৰথমটো কিস্তি আদায় লৈ বন বিভাগে মহলটোৰ 4 হেক্টৰ পৰিসৰো গতাই দিয়ে তথাকথিত মহলদাৰ চাহাবুলক ৷ জানিব পৰা মতে সাত বছৰত মহলটোৰ বালি খনন কৰা সীমাবদ্ধতা হ'ল 1 লাখ 40 হেজাৰ চি এম ৷ সেই হিচাপত এবছৰত মহলটোৰ পৰা বালি উত্তোলন কৰাৰ সীমাবদ্ধতা হ'ল 20 হেজাৰ চি এম ৷ সেই দৰে মহলটোৰ দৈনিক বালি খননৰ সীমাবদ্ধতা হ'ল মাত্ৰ 55 চি এম ৷ অৰ্থাৎ দৈনিক আঢ়ৈ ডাম্পাৰ বালি মহলটোৰ পৰা বিক্ৰী কৰিব পাৰিব মহলদাৰে ৷

উল্লেখ্য যে একোখন ডাম্পাৰত বিভাগীয়ভাৱে বালিৰ বহন ক্ষমতা হ'ল 22 চি এম ৷ ইফালে 7.85 কোটি টকীয়া মহলটোৰ বছৰী চাৰিটা কিস্তি ৷ একোটা কিস্তিৰ পৰিমান 28 লাখ টকা ৷ ইয়াৰোপৰি 10 শতাংশ ডি এম এফ কৰ, 10 শতাংশ এম এম ডি আৰ আৰ কৰ, 5 শতাংশ জি এছ টি আৰু 2 শতাংশ আয়কৰ দিব লাগে ৷ মুঠতে একোটা কিস্তিত 35\36 লাখ টকা বিভাগক আদায় দিব লাগে মহলদাৰে ৷ পূৰ্বৰ বালি চোৰৰ সাম্ৰাজ্য বাহাল ৰখাৰ উদ্দেশ্যে ধুৰন্ধৰ মহলদাৰ চাহাবুলে মহটোৰ এটা কিস্তি দিয়েই বন বিভাগক কিস্তি দিয়া বন্ধ কৰে ৷ কিস্তি দিয়া বন্ধ কৰি বন বিভাগৰ চকুত ধূলি দি মহলটোত দিনে-নিশাই অবৈধ বালি উত্তোলক মেছিনৰ সহায়ত ব্যাপক হাৰত জধে-মধে খনন চলাই চৰকাৰী চালান ফাঁকিৰে দৈনিক 50\60 খন ডাম্পাৰ লগাই বালি চোৰাংকৈ সৰবৰাহ কৰি লুণ্ঠন আৰম্ভ কৰি আহিছিল ৷

এই সন্দৰ্ভত 2022 বৰ্ষৰ 20 অক্টোবৰত তেতিয়াৰ ডিএফঅ জিতেন্দ্ৰ কুমাৰ সিঙৰ এজাহাৰৰ ভিত্তিত মাটিয়া আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 294/341/353/506 ধাৰাত 131/2022 নং গোচৰ ৰুজু কৰি বালি চোৰ চাহাবুলক গ্ৰেপ্তাৰ কৰে ৷ পিচত চাহাবুলক জে'ললৈ প্ৰেৰণ কৰে আদালতে ৷ প্ৰায় তিনি মাহ পিচত চাহাবুল জামিনত মুকলি হয় ৷ ইমানৰ পিচতো চাহাবুলে পৃষ্ঠপোষকতা কৰা বালি চোৰৰ‌ চিণ্ডিকেট চক্ৰটোৱে মাজে সময়ে বন বিভাগৰ চকুত ধূলি দি চুৰি কাৰ্য অব্যহত ৰাখে ৷ কিন্তু বন বিভাগৰ জোৰদাৰ অভিযানত চিণ্ডিকেট চক্ৰটো নিস্ক্ৰিয় হ'বলৈ বাধ্য হয় ৷ কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে ডি এফ অ' জিতেন্দ্ৰ কুমাৰ সিঙ বদলি হোৱাৰ পিচত তেজশ মৰিস্বামীয়ে ডি এফ অ'ৰ দায়িত্বভাৰ লোৱাৰ লগে লগে জে'ল ফেৰৎ‌ বালি চোৰৰ চৰ্দাৰ চাহাবুল‌ ইছলাম পুনৰ সক্ৰিয় হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে ৷

নৱ নিযুক্ত দুৰ্নীতি পৰায়ণ ডি এফ অ' তেজশ‌ মৰিস্বামীৰ সৈতে গোপন বুজাবুজি কৰি দুধনৈ‌ নৈত বন্ধ হৈ থকা বিশাল বালি মহলটোৰ কোনো কিস্তি আদায় নিদিয়াকৈ ব্যাপক হাৰত খনন কাৰ্য আৰম্ভ কৰিছে চাহাবুল আৰু বালি চোৰৰ সাংগোপাংগৰ দলে ৷ জানিব পৰা মতে চাহাবুল ইছলামৰ নামত আবণ্টিত মাটিয়াৰ ইছলামপুৰত থকা দুধনৈৰ নৈৰ 3 নং(বি) বালি মহলটোত বিগত জুলাই মাহলৈকে দুটা কিস্তি অনাদায় থকাৰ বিপৰীতে চলিত আগষ্ট মাহত এটা কিস্তি বন বিভাগক দিবলগীয়া আছে ৷ এই আদায় দিবলগীয়া তিনিটা কিস্তিৰ মুঠ পৰিমান প্ৰায় 1 কোটি 8 লাখ টকা ৷ কিস্তি সময় মতে (তিনি মাহৰ মূৰে মূৰে) মহলদাৰে আদায় দিলেহে বিভাগে মহলদাৰৰ লগত চুক্তিপত্ৰত স্বাক্ষৰ কৰি তিনি মাহৰ বাবে মহলৰ বালি সৰবৰাহ কৰাৰ অনুমতি আৰু চালান দিয়ে ৷ কিন্তু কিস্তি অনাদায়ে কোনো চালান নোহোৱাকৈ মহলটোত দিনে-নিশাই ব্যাপক হাৰত জধে-মধে বালি খনন কৰি ডাম্পাৰে ডাম্পাৰে চোৰাংকৈ ব্যাপক হাৰত বালি সৰবৰাহ কৰি আছে চাহাবুল ইছলামে ৷

নিশাৰ ভাগত অতি গোপনে কাষৰীয়া ৰাজ্য মেঘালয় হৈ এই চোৰাং বালি বাংলাদেশলৈও সৰবৰাহ কৰি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বালি চোৰৰ চৰ্দাৰ চাহাবুলৰ বিৰুদ্ধে ৷ উল্লেখ্য যে দুধনৈৰ 7.85 কোটি টকীয়া 3 নং (বি) বালি মহৰ তিনিটাকৈ কিস্তি আদায় নিদিয়া মহলদাৰক বন বিভাগে ব্লেক লিষ্টেডহে কৰিব লাগিছিল ৷ কিন্তু তাকে নকৰি ডি এফ অ' তেজশ মৰিস্বামীয়ে মোটা অংকৰ ধনৰ বিনিময়ত চাহাবুল ইছলামক বনজ সম্পদৰ ওপৰত লুটৰাজ চলাবলৈ মুক্ত লাইচেন্স প্ৰদান‌ কৰি চৰকাৰক বৃহৎ‌ অংকৰ ৰাজহৰ পৰা বঞ্চিত কৰি বিভাগীয় অপৰাধত সংঘটিত কৰিছে ৷ এইক্ষেত্ৰত চৰকাৰে ডি এফ অ' আৰু মাটিয়াৰ জে'ল ফেৰৎ দাগী বালি চোৰ চাহাবুল ইছলামৰ বিৰুদ্ধে কি ব্যাৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব ৷

লগতে পঢ়ক : Secretary of Assam bahumukhi samabai samiti: অসম বহুমুখী সমবায় সমিতিৰ সচিবৰ পদূলিত ক্ষুব্ধ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.