গোৱালপাৰা , 09 মে': গোৱালপাৰাৰ বালিকুচি-বেলডুবিলৈ নিৰ্মিত মথাউৰিটো সম্প্ৰতি বিধ্বস্ত ৷ বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাত ঠায়ে ঠায়ে জহি-খহি গৈছে মথাউৰিটো ৷ স্থানীয় ৰাইজে জনোৱা অনুসৰি 2016 বৰ্ষত জিলা জল সম্পদ বিভাগে নতুনকৈ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ৷ সম্পূৰ্ণ বালিয়া মাটি ব্যৱহাৰ কৰি মথাউৰিটো নিৰ্মাণ কৰা বাবে তিনি বছৰ নৌহওঁতেই সমগ্ৰ মথাউৰিটো জহি খহি যোৱাৰ অভিযোগ গাঁওবাসীৰ ৷
ইপিনে এতিয়া বাৰিষা অহাৰ লগে লগে এতিয়া মথাউৰিটোক লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ শীঘ্ৰে মথাউৰিটো মেৰামতি নকৰিলে যে বাৰিষাত যে মথাউৰিটোৱে বিপদ কঢ়িয়াই আনিব সেয়া নিশ্চিত ৷ সেয়ে স্থানীয় ৰাইজে জলসম্পদ বিভাগৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰি মথাউৰি মেৰামতিৰ বাবে দাবী উত্থাপন কৰিছে ৷