ETV Bharat / state

৪৬ নং ৰাজ্যিক ঘাইপথ নিৰ্মাণৰ দাবীৰে গোৱালপাৰাত প্ৰতিবাদ

author img

By

Published : Sep 28, 2020, 1:22 PM IST

সোমবাৰে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৪৬ নং ৰাজ্যিক ঘাইপথ নিৰ্মাণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক এ.কে ৰছিদ আলমৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

গোৱালপাৰাত প্ৰতিবাদ
গোৱালপাৰাত প্ৰতিবাদ

গোৱালপাৰা, 28 চেপ্তেম্বৰ: গোৱালপাৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক এ.কে ৰছিদ আলমৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ গোৱালপাৰাৰ ফৰেষ্ট গেটৰ ৰাজপথত ৪৬ নং ৰাজ্যিক ঘাইপথৰ ডুবাপাৰা-বিওচি সংযোগী পথ নিৰ্মাণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

৪৬ নং ৰাজ্যিক ঘাইপথ নিৰ্মাণৰ দাবীৰে গোৱালপাৰাত প্ৰতিবাদ

অভিযোগ অনুসৰি বিগত দুবছৰে জৰাজৰ্ণ অৱস্থাতে পৰি ৰৈছে দুধনৈৰ পৰা পঞ্চৰত্নলৈ যোৱা ৪৬ নং ৰাজ্যিক ঘাইপথটো ৷ যাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত বহু সমস্যাৰ সমস্যাৰ সন্মুখীন হৈছে ৰাইজ ৷ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধি গৰাকীৰ হেমাহিৰ বাবেই ৰাইজে দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিছে বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ সেয়ে অতি শীঘ্ৰেই পথছোৱা নিৰ্মাণৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ অন্যথা তেওঁলোকে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমযোগে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক: গাঁঠিৰ ধন ভাঙি ৰাইজৰ বাবে দলং নিৰ্মাণ কৰিলে দৰঙৰ ছিদ্দিক আহমেদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.