ETV Bharat / state

Suicide Case in Goalpara: গোৱালপাৰাৰ জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ - গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়

গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত বিভিন্ন দল-সংগঠনৰ উত্তাল প্ৰতিবাদ । কিছুদিন আগতে গোৱালপাৰা জিলা আদালতৰ চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী লোহিত দাসৰ আত্মহত্যাৰ ঘটনাৰ লগত জড়িতৰ অভিযোগত গোৱালপাৰা জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাক গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদ (Demanding arrest of District Sessions Judge Sharmila Bhuyan) ৷

গোৱালপাৰাত জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাক গ্ৰেপ্তাৰৰ দাবীত দল-সংগঠনৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jul 25, 2022, 7:45 PM IST

গোৱালপাৰা,25 জুলাই: গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কিছুদিন আগতে গোৱালপাৰা জিলা আদালতৰ চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী লোহিত দাসৰ আত্মহত্যাৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ উঠা গোৱালপাৰা জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে কেইবাটাও দল-সংগঠনে উপায়ুক্ত কাৰ্যালয় চৌহদ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Demanding arrest of District Sessions Judge Sharmila Bhuyan) ।

উল্লেখ্য যে, ১৩ জুলাইত জিলা আদালতৰ অস্থায়ী কৰ্মচাৰী লোহিত দাস নামৰ এজন লোকে জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ নামত এখন চুইছাইড নোট লিখি ব্ৰহ্মপুত্ৰ নদীত জাঁপ দি আত্মহত্যা কৰিছিল (Man ends life by jumping into Brahmaputra ) । আত্মহত্যাৰ পূৰ্বে চুইছাইড নোটখনত বহুদিনৰ পৰা জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাই তেওঁক মানসিক অত্যাচাৰ চলাই আহিছিল আৰু প্ৰতিটো মূহুৰ্ততে কামৰ পৰা ওলাই যাবলৈ চাপ দি আহিছিল বুলি স্পষ্টকৈ লিখা আছিল ।

যাৰ পৰিপ্ৰেক্ষিতত চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী লোহিত দাসে আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাছি লৈছিল (Suicide Case in Goalpara) । তাৰোপৰি, লোহিত দাসৰ আত্মহত্যাৰ বাবে জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞা জগৰীয়া হোৱাৰ লগতে লোহিত দাসৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব সত্ৰ ন্যায়াধীশ গৰাকীয়ে ল’ব লাগিব বুলি চুইছাইড নোটত স্পষ্ট ৰূপত উল্লেখ আছিল ।

গোৱালপাৰাত জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাক গ্ৰেপ্তাৰৰ দাবীত দল-সংগঠনৰ উত্তাল প্ৰতিবাদ

এই ঘটনা সংঘটিত হোৱাৰ পিছতে লোহিত দাসৰ পত্নীয়ে বিগত ১৩ জুলাইত জিলা সত্ৰ ন্যায়াধীশ গৰাকীৰ বিৰুদ্ধে গোৱালপাৰা চহৰ আৰক্ষী চকীত ১৫৬/২০২২ U/s ৩০৬ আইপিচি ধাৰাত এজাহাৰ দাখিল কৰিছিল । এজাহাৰ দাখিল কৰাৰ ইমান দিন পিছতো ন্যায়াধীশ গৰাকীৰ বিৰুদ্ধে আজি পৰ্যন্ত কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত ক্ষোভিত হৈ সোমবাৰে গোৱালপাৰাৰ বিভিন্ন দল সংগঠনে জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

জিলা সত্ৰ ন্যায়াধীশ গৰাকীৰ বিৰুদ্ধে সোনকালে ব্যৱস্থা লোৱাৰ লগতে আত্মহত্যা কৰা অস্থায়ী কৰ্মচাৰী লোহিত দাসৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায় ৷ ইয়াৰোপৰি লোহিত দাসৰ পত্নীক আদালতৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি দিবলৈ বিভিন্ন দল-সংগঠনে চৰকাৰলৈ দাবী জনায় ৷ শৰ্মিলা ভূঞাৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা ল’বলৈ গোৱালপাৰা জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক: Wastage of government scheme : মঙলদৈত বিদ্যালয়ৰ বন্ধ কোঠাতেই নষ্ট হৈছে শ শ চাইকেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.