গোৱালপাৰা, 7 ছেপ্টেম্বৰ : গোৱালপাৰাত বহু বিবাহৰ ভয়ংকৰ পৰিণতি। বহু বিবাহই কাল হ’ল এটা পৰিয়ালৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহু বিবাহৰ প্ৰতি কঠোৰ হোৱাৰ কাতৰ আহ্বান ভুক্তভোগী পৰিয়ালৰ। স্বামীৰ প্ৰবঞ্চনাৰ বলি হৈ স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল প্ৰথমা পত্নীৰ।
গোৱালপাৰা জিলাৰ জলেশ্বৰ আৰক্ষী চকীৰ অন্তৰ্গত বামুনিৰভিটা গাঁৱত বহু বিবাহৰ বাবেই সৃষ্টি হৈছে পৰিয়াল কেন্দ্ৰিক সংঘাত। জানিব পৰামতে, গোৱালপাৰা জিলাৰ জলেশ্বৰ খণ্ড উন্নয়ন কাৰ্যালয়ত গাণনিক বিষয়া হিচাপে কৰ্মজীৱন সামৰি অৱসৰ লোৱা আব্দুল মালিক নামৰ ব্যক্তিজনে 25 বছৰ পূৰ্বে নিজৰ এগৰাকী পত্নী থকাৰ স্বত্বেও আন্য এগৰাকী মহিলাৰ লগত বিবাহপাশত আৱদ্ধ হয় ৷ ইয়াৰ পিচতে আব্দুল মালিকে পূৰ্বৰ পত্নীসহ 8 গৰাকী পুত্ৰ জীয়াৰীক এলাগী কৰি দ্বিতীয় বিবাহৰ পিচত সম্পূৰ্ণৰূপে পৃথকে সংসাৰ আৰম্ভ কৰে ৷
আনকি 25 বছৰ ধৰি ৰুগীয়া পত্নী আৰু বিকলংগ জ্যেষ্ঠ পুত্ৰৰো খবৰ লোৱাৰ আহৰি নাই পিতৃ আব্দুল মালিকৰ। উল্লেখ যে, আব্দুল মালিকৰ কৰ্মজীৱনৰ অৱসৰৰ পিছত বিগত বৰ্ষৰ 30 ছেপ্টেম্বৰত প্ৰথম পত্নী সাজেদা খাতুনক পেঞ্চনৰ 50 শতাংশ ধন প্ৰদান কৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে এটকাও দিয়া নাই আব্দুলে।
শেহতীয়াকৈ আব্দুল মালিকৰ পূৰ্বৰ পত্নীৰ কণিষ্ঠ পুত্ৰই মাতৃৰ জটিল অস্ত্ৰোপচাৰৰ বাবে পিতৃৰ পৰামৰ্শ বিচাৰি যোৱাত পিতৃ আব্দুলে 3 ছেপ্টেম্বৰত নিশা চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ চেষ্টা কৰে কণিষ্ঠ পুত্ৰক । আনফালে সমগ্ৰ ঘটনা সন্দৰ্ভত চলিত বৰ্ষৰ 4 ছেপ্তেম্বৰ তাৰিখে প্ৰথমা পত্নী সাজেদা খাতুনে জলেশ্বৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
বৰ্তমান সময়ছোৱাত নিৰাপত্তাহীনতাত ভুগি থকা ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি সাংবাদিকৰ কাষ চাপে ৷ পৰিয়ালটোৱে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ বহু বিবাহৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ আহ্বান জনোৱাৰ লগতে আব্দুল মালিকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনায়।
লগতে পঢ়ক: Polygamy in Assam: মুছলমানতকৈ হিন্দু মানুহে বহুবিবাহ বেছিকৈ কৰে; আমিনুল ইছলাম