গোৱালপাৰা, ১৬ মে' : গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ বুধিপাৰাত নিৰ্মীয়মান চাৰিলেন পথৰ দুয়োকাষৰ দাঁতিৰ বনাঞ্চলৰ ভূমিত স্থাপন কৰা কয়লাৰ অবৈধ ডিপোৱে সৃষ্টি কৰিছে প্ৰদূষণ (coal pollution in Goalpara) । জনাঞ্চলৰ মাজত স্থাপন হোৱা কয়লাৰ মজুতকৰণৰ এই অবৈধ ডিপোৰ প্ৰদূষণত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ । এই সন্দৰ্ভত যোৱা ৬ মে'ত বুধিপাৰাৰ একাংশ অতিষ্ঠ মহিলাই জিলা উপায়ুক্তক অভিযোগ দাখিল কৰি ডিপোটো উচ্ছেদ কৰিবলৈ দাবী জনায় (illegal coal depot in Goalpara) ।
অভিযোগৰ প্ৰতিলিপি বালিজানা ৰাজহ চক্ৰ বিষয়া আৰু জিলা বন সংমণ্ডল বিষয়াকো দাখিল কৰে । কিন্তু আজিলৈকে সংশ্লিষ্ট কোনো এটা পক্ষই ৰাইজৰ দাবী-আপত্তিৰ ওপৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উঠিছে (complain against illegal coal depot) । ৰাইজে উল্লেখ কৰে যে বুধিপাৰাৰ মদন সূত্ৰধৰ নামৰ দালাল প্ৰকৃতিৰ ব্যক্তিজনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চাৰিলেনৰ দাঁতিৰ আৰ এফ আৰু পি আৰ এফৰ বিশাল এলেকা সামৰি বনভূমিত এই ডিপোটো অবৈধভাৱে স্থাপন কৰিছে ।
কয়লা ব্যৱসায়ীয়ে আনন্দবজাৰ ৰে'ল জংচনত ৰেক লোডিং কৰি বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ বাবে মেঘালয়ৰ পৰা দিনে-নিশাই ট্ৰাকে ট্ৰাকে অ'ভাৰলোড কয়লা সৰবৰাহ কৰি এইদৰে জনাঞ্চলৰ মাজত কয়লা মজুত কৰি আহিছে । ফলত কয়লাৰ বিষাক্ত ধূলি জনাঞ্চললৈ বিয়পি পৰিছে । সেইদৰে ডিপোট মজুত কৰা শ শ ট্ৰাক কয়লাৰ দ'মত সঘনাই জুই লাগে । এই জুইৰ পৰা দিনে-নিশাই নিৰ্গত হোৱা ক'লা ধোঁৱায়ো অঞ্চলটো বিগত কেইবামাহ ধৰি প্ৰদূষিত কৰি আছে । বৰষুণৰ বতৰত ৰাসায়নিক বিক্ৰিয়া ঘটি ক'লা ধোঁৱা বেছিকৈ নিৰ্গত হয় ।
ইয়াৰ উপৰি প্ৰাকৃতিকভাৱে কয়লাৰ দ'মত লগা জুই এক্সকেভেটৰেৰে নুমোৱাৰ প্ৰচেষ্টাতো জনাঞ্চলটোত বিষাক্ত ধূলি উৰে । কয়লাৰ এই বিষাক্ত ক'লা ধোঁৱা আৰু ধূলিৰ প্ৰদূষণৰ ফলত কণ কণ শিশুকে ধৰি একাংশ স্থানীয় বয়স্ক পুৰুষ-মহিলাই উশাহ-নিশাহত কষ্ট ভোগ কৰি অহা বুলি ভুক্তভোগী ৰাইজে উল্লেখ কৰে । সেয়েহে শীঘ্ৰে এই অবৈধ কয়লা ডিপো বন্ধ কৰাৰ দাবী জনায় ৰাইজে ।
লগতে পঢ়ক :Crime in Dibrugarh: মৰাণৰ মছজিদৰ দানপাত্ৰ ভাঙি চোৰে লুটিলে ৫০ হাজাৰ টকা