ETV Bharat / state

আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী - গোৱালপাৰা আৰু লক্ষীপুৰ আৰক্ষী

গোৱালপাৰাৰ লক্ষীপুৰ নগৰৰ শিমুলবাৰীত আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত জব্দ হয় প্ৰায় 5 লক্ষাধিক মূল্য়ৰ নিচাজাতীয় সামগ্ৰী ৷ আৰক্ষীয়ে সামগ্ৰী খিনি জব্দ কৰাৰ লগতে, ৰবিউল ইছলাম নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

police seized drugs in goalpara
police seized drugs in goalpara
author img

By

Published : Jun 10, 2020, 12:42 PM IST

গোৱালপাৰা, 10 জুনঃ গোৱালপাৰা আৰু লক্ষীপুৰ আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ লক্ষীপুৰ নগৰৰ শিমুলবাৰীত অভিযান চলাই আৰক্ষীৰ দলটোৱে নিচাজাতীয় কফ চিৰাফ আৰু টেবলেট জব্দ কৰে ৷ আৰক্ষীয়ে সামগ্ৰী খিনি জব্দ কৰাৰ লগতে, ৰবিউল ইছলাম নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈয়ো সক্ষম হয় ৷

ৰবিউল ইছলাম নামৰ এজন লোকক গ্ৰেপ্তাৰ
ৰবিউল ইছলাম নামৰ এজন লোকক গ্ৰেপ্তাৰ

আটকাধীন ৰবিউল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ছামছুল আলী আকন্দ আৰু ওৱাহাব আলী আকন্দ নামৰ দুগৰাকী লোকৰ বাসগৃহত অভিযান চলাই 14 কাৰ্টুন কফ চিৰাফ আৰু প্ৰায় 30 হাজাৰ নিচাজাতীয় টেবলেট জব্দ কৰে ৷ নিচাজাতীয় সামগ্ৰী খিনিৰ মূল্য প্ৰায় 5 লক্ষাধিক টকা বুলি জানিবলৈ দিয়ে আৰক্ষীৰ লোকে ৷ সম্প্ৰতি পলাতক অৱস্থাত আছে ছামছুল আলী আকন্দ আৰু ওৱাহাব আলী আকন্দ ৷ পলাচক অভিযুক্ত কেইজনৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান ৷

লগতে পঢ়কঃ ছয়গাঁৱত জালনোটসহ আটক তিনি ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.