ETV Bharat / state

গোৱালপাৰাত আৰক্ষীয়ে জ্বলালে জব্দকৃত ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী - Police burnt drugs and other narcotic items

গোৱালপাৰা আৰক্ষীয়ে জ্বলালে জব্দকৃত ড্ৰাগছৰ লগতে আন আন নিচাজাতীয় সামগ্ৰী (Police burnt drugs and other narcotic items) । এই নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য আছিল প্ৰায় ১ কোটি টকা । গোৱালপাৰাৰ মাকৰিৰ ফায়েৰিং ৰেঞ্জত জ্বলোৱা হয় নিচাজাতীয় সামগ্ৰীখিনি (Drugs Burnt in Goalpara) ।

Goalpara police burnt drugs
গোৱালপাৰাত আৰক্ষীয়ে জ্বলালে জব্দকৃত ড্ৰাগছ
author img

By

Published : Jun 25, 2022, 8:38 PM IST

গোৱালপাৰা, 25 জুন: আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসলৈ(International anti drugs day) মাজত মাথো এদিন বাকী থকা অৱস্থাত গোৱালপাৰাত আৰক্ষীয়ে জ্বলালে ড্ৰাগছসহ বহু পৰিমানৰ নিচাজাতীয় সামগ্ৰী (Goalpara police burnt drugs and other narcotic items) ৷ জিলাখনত বিগত দুই তিনি বছৰ ধৰি অভিযান চলাই জব্দ কৰা এই বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী শনিবাৰে জ্বলাই দিয়া হয় ৷

গোৱালপাৰাত আৰক্ষীয়ে জ্বলালে জব্দকৃত ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী

গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক ভি ভি আৰ ৰেড্ডীৰ উপস্থিতিত ড্ৰাগছ, টেবলেট আৰু গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীসমুহ জ্বলাই নষ্ট কৰা হয় (Drugs Burnt in Goalpara) ৷ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক ক’লে, বিভিন্ন সময়ত ড্ৰাগছৰ লগতে যিকোনো নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীক ৰাইজে বহুখিনি সহায় সহযোগীতা আগবঢ়াই আহিছে । লগতে গোৱালপাৰাৰ মাকৰিৰ ফায়েৰিং ৰেঞ্জত জ্বলোৱা এই নিচাজাতীয় সামগ্ৰী সমূহৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

উল্লেখ্য যে, ৰাজ্যত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হৈ পৰিছে ৷ সামান্তৰালভাৱে গোৱালপাৰা আৰক্ষীও এই ক্ষেত্ৰত অধিক সষ্টম হৈ অভিযান চলাই গৈছে ৷

লগতে পঢ়ক: Sensational murder in Jorhat: ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.